Local, Vocal, Global

এইবাৰ ৭০% কৈ বৃদ্ধি পাব বাছৰ ভাড়া

নিউজ ডেস্ক,৮ এপ্ৰিলঃ পেট্ৰ’ল-ডিজেলৰ অত্যধিক মূল্যবৃদ্ধিৰ লগতে আনফালে নিত্যব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ৰাইজক কোঙা কৰি পেলাইছে।
এফালে নিৰ্মাণ সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বাবে ফ্লেটৰ দাম বৃদ্ধি পাইছে একেদৰে আকৌ ঔষধৰ মূল্যবৃদ্ধিয়েও দুখীয়া ৰোগীক জ্বলা-কলা খুৱাইছে।

পেট্ৰ’ল–ডিজেলৰ লগতে প্ৰায় সকলো অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ পিছত এইবাৰ বাঢ়িব পাৰে বাছভাড়া। ৭০ শতাংশ ভাড়া বৃদ্ধিৰ বাবে পৰিবহণ আয়ুক্তলৈ পত্ৰ লিখিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই।

এখ পত্ৰযোগে পৰিবহণ ব্যৱসায়ীৰ ওপৰত সকলো ধৰণৰ কৰ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে পৰিবহণ সন্থাই। পৰিবহণ সন্থাই পত্ৰত উল্লেখ কৰে যে ১ এপ্ৰিলৰ পৰা টোলটেক্স ১৫ শতাংশ বৃদ্ধি, থাৰ্ড পাৰ্টী প্ৰিমিয়াম বৃদ্ধি, টায়াৰ, বেটাৰী, স্পেয়াৰ পাৰ্টছ সকলোৰে মূল্যবৃদ্ধিৰ ধাৰাবাহিকতা বাহাল আছে।

এনে এক অৱস্থাত দেশৰ পৰিবহণ উদ্যোগটো মৃতপ্ৰায় অৱস্থাত উপনীত হৈছে। ৰাজকোষৰ ৩৫ শতাংশ কৰ–কাটল আগবঢ়োৱা ৰুগ্ন পৰিবহণ উদ্যোগটোৰ সংকট মোচনৰ বাবে পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তা আহি পৰিছে।

উল্লেখ্য যে, অসমৰ যাত্ৰাবাহী বাহনৰ ভাড়া কমপক্ষেও ৭০ শতাংশ শীঘ্ৰে বৃদ্ধি কৰিব লাগে বুলি দাবী জনাইছে সদৌ অসম মটৰ পৰিবহণ সন্থাই।