Local, Vocal, Global

গাখীৰ বিক্ৰী কৰিবলৈ হেলিকপ্তাৰ ক্ৰয় কৰা কোন এইজন ব্যৱসায়ী?

মহাৰাষ্ট্ৰৰ ভিৱাণ্ডী চহৰৰ এজন কৃষকে নিজৰ গাখীৰ ব্যৱসায় বিস্তাৰ আৰু ব্যৱসায়িক যাত্ৰাৰ সুবিধাৰ্থে প্ৰায় 30 কৌটি টকাৰ এখন হেলিকপ্টাৰ ক্ৰয় কৰে ।

জানাৰ্দন ভৈৰ নামৰ এই লোকজন পেছাত এজন ধৰ্ণাধ্য ব্যৱসায়ী আৰু শেহতীয়াকৈ তেওঁ গাখীৰৰ ব্যৱসায় আৰম্ভ কৰিছে । তেওঁ কয় যে এই নতুন ব্যৱসাইটোৰ বাবে হাৰিয়ানা , ৰাজস্থান , গুজৰাটৰ লগতে ভাৰতৰ অন্যান্য ৰাজ্যত যাত্ৰা কৰিব লগীয়া হয় । এনেদৰে দূৰৰ ঠাইত যাত্ৰাৰ সুবিধাৰ্থে বন্ধু বৰ্গৰ পৰামৰ্শ মাজে ভয়ে এখন হেলিকপ্টাৰ ক্ৰয় কৰাৰ সিদ্ধান্ত লয় ।লগতে তেওঁ সংবাদমাধ্যমক জনাই যে হেলিকপ্টাৰ খন 15 মার্চৰ ভিতৰত আহি পাব । হেলিকপ্টাৰ খনৰ বাবে ভয়ে বৰ্তমান 2.5 একৰ মাটিত হেলিপেদ বনোৱাৰ কাম আৰম্ভ কৰিছে । তাৰ লগতে পাইলত আৰু প্ৰযুক্তিৰ বাবেও নিৰ্মান কৰা হব বিশেষ কোঠা । বিশেষ সূত্রই জনোৱা মতে তেওঁৰ প্রায় 100 কৌটি টকাৰ সম্পত্তি আছে বুলি জানিব পৰা গৈছে ।