Local, Vocal, Global

বাজেটত কি বস্তুৰ দাম বাঢ়িল আৰু কি বস্তুৰ দাম কমিল?

ভাৰতৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নির্মলা সীতাৰমণে সোমবাৰে  সংসদত দাখিল কৰে কেন্দ্ৰীয় বাজেট ২০২১-২২। এইবাৰৰ বাজেট আছিল কিছু ব্যতিক্ৰমী, কাৰণ প্ৰথমবাৰৰ বাবে স্বতন্ত্ৰ ভাৰতৰ ইতিহাসত কেন্দ্ৰীয় বাজেটখন আছিল কাগজবিহীন  এখন ডিজিটেল বাজেট। বাজেট দাখিলৰ দিনা কেন্দ্ৰীয় বিত্তমন্ত্ৰীসকলে চামৰাৰ ব্ৰীফকেছত বাজেট লৈ সংসদলৈ অহাটো এক চিৰন্তন পৰিচিত দৃশ্য আছিল । কিন্তু এইবাৰ  ইয়াৰ বিপৰীতে সীতাৰমণে বাজেট দস্তাবেজ লৈ আহিছিল মেড ইন ইণ্ডিয়া টেবলেটত। কেন্দ্ৰীয় বাজেটত কি কি সামগ্ৰী সস্তা আৰু ব্যয়বহুল হ’ল তাৰে এক প্ৰতিবেদন উল্লেখ কৰা হ’ল তলত

সস্তাঃ

১. নাফথা

২. কেপ্ৰ’লাকটাম

৩. নাইলন চিপ্ছ

৪. নাইলনৰ সূতা

৫. আইৰন আৰু ষ্টীল গলোৱা সামগ্ৰী

৬. নন এলয় ষ্টীল

৭. ষ্টেইনলেছ ষ্টীল

৮. CRGO ষ্টীল বনোৱা কেঁচা সামগ্ৰী

৯. তামৰ ভঙা-ছিঙা সামগ্ৰী

১০. প্লেটিনিয়াম

১১. মূল্যৱান ধাতুৰ ভঙা-ছিঙা সামগ্ৰী

১২. পালিডিয়াম আদি

ব্যয়বহুলঃ

১. কপাহ (কটন)

২. কপাহৰ আৱর্জনা

৩. কেঁচা ৰেচম

৪. ইথানল

৫. প্ৰণ আৰু মাছক দিয়া খাদ্য

৬. মাকৈ

৭. ক’লা কার্বন

৮. পলি কার্বনেট

৯. পলিছ কিউবিক জিৰক’নিয়া

১০. পলিছ পাথৰ

১১. ধাতুৰে বনোৱা নাট বল্টু

১২. মোবাইল চার্জাৰ বনোৱা প্লাষ্টিক

১৩. ফ্ৰীজ আৰু এ চি কম্প্ৰেচৰ

১৪. তাঁৰ আৰু কেবল

১৫. এল ই ডি লাইটৰ বিভিন্ন পার্টছ

১৬. লেম্প

১৭. সৌৰ ইনভার্টাৰ

১৮. সৌৰ লেম্প আদি