Local, Vocal, Global

নৃশংস হত্যাকাণ্ড!অবৈধ সম্পৰ্কৰ বাবে হত্যা পত্নী আৰু পুত্ৰক

ডিজিটেল ডেস্ক:- বিহাৰৰ সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড ।বিহাৰৰ বৈশালী জিলাৰ হাজিপুৰত এক জঘন্য হত্যাকাণ্ড ঘটনা সংঘটিত হৈছে। জাহ্নদা আৰক্ষী থানাৰ অন্তৰ্গত ধাণ্ডুৱাৰ জংঘলত এগৰাকী মহিলা আৰু এজন শিশুৰ মৃতদেহ পোৱা গৈছিল। দুয়োটা মৃতদেহ বেয়াকৈ জ্বলি গৈছিল। মৃতদেহ দুটা স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ পিছত আৰক্ষীক খবৰ দিয়ে। তথ্য পোৱাৰ পিছত, আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতিৰ বুজ লয়।

জান্দাহা আৰক্ষী থানাৰ আৰক্ষীয়ে সন্দেহ কৰে যে মৃতদেহটো এচিড ধালি জ্বলাই দিয়া হৈছিল। আৰক্ষীৰ তদন্তৰ অন্তত মহিলাগৰাকী আৰু শিশুটিক চিনাক্ত কৰে। মহিলাগৰাকীক মহুয়াৰ বাসিন্দা চঞ্চল আৰু তেওঁৰ পুত্ৰ বুলি চিনাক্ত কৰা হৈছে।

অবৈধ সম্পৰ্কৰ বাবেই এজন ব্যক্তিয়ে হত্যা কৰে তেওঁৰ পত্নী আৰু পুত্ৰক । জানিব পৰা মতে, হত্যাৰ পিছত মৃতদেহ দুটা এচিড ঢালি জ্বলাই দিয়াৰ চেষ্টা কৰে । তথ্য অনুসৰি, এই ঘটনাটো বৈশালীৰ মহুয়াৰ।

জানিব পৰা মতে, মহিলাগৰাকীৰ মাতৃয়ে আৰক্ষীক কয় যে চঞ্চলৰ স্বামী অমৰেন্দ্ৰই অবৈধ সম্পৰ্কৰ বাবে তেওঁৰ পত্নী আৰু পুত্ৰক হত্যা কৰে। ইয়াৰ পিছত, মৃতদেহ জ্বলাই দিবলৈ চেষ্টা কৰে আৰু অৰণ্যত পেলাই দি আৰু তাৰ পৰা পলাই যায়।

আৰক্ষীয়ে ঘটনাটোক লৈ তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকে অভিযুক্তজনক কৰায়ত্ব কৰিবলৈ সক্ষম হোৱা নাই।