Local, Vocal, Global

মণিপুৰত জব্দ ৮৫ লাখ টকাতকৈ অধিক মূল্যৰ ব্ৰাউন চুগাৰৰ

নিউজ ডেস্ক, ১৩ জুন : মণিপুৰ আৰক্ষীয়ে সোমবাৰে ৰাজ্যখনৰ জিৰিবাম জিলাত ৮৫ লাখ টকাতকৈ অধিক মূল্যৰ ব্ৰাউন চুগাৰৰ বৃহৎ সামগ্ৰী জব্দ কৰে। লগতে আৰক্ষীয়ে চোৰাং ব্যৱসায়ৰ অভিযোগত তিনিজন লোকক জিম্মাত লৈছে।

আৰক্ষী বিষয়াসকলে জনাইছে যে জব্দ কৰা নিচাজাতীয় সামগ্ৰীৰ ওজন প্ৰায় ১.০৩৭ কিলোগ্ৰাম আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য ৮৫ লাখ টকাতকৈও অধিক। ইফালে, ঘটনাসন্দৰ্ভত আটক কৰা তিনিজন লোকক সেৱান ৰাজা, দেবাশীষ পল আৰু আথোই চিৰু বুলি চিনাক্ত কৰা হৈছে।

বিষয়াসকলৰ মতে, আৰক্ষীয়ে লিংগাংপোকপিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এটা নিয়মীয়া Check Point স্থাপন কৰিছিল। অভিযানৰ সময়ত, MN 01 AG 0671 পঞ্জীয়ন নম্বৰ থকা এখন বাহনত তালাচী কৰা সময়ত ব্ৰাউন চুগাৰবোৰ উদ্ধাৰ কৰিছিল।

আৰক্ষীয়ে জনাইছে যে, আটকাধীন ব্যক্তিসকলক সোধা-পোছা কৰা হ’ব আৰু বৰ্তমান বিষয়টোত তদন্ত আৰম্ভ কৰা হৈছে।