Massive erosion in Barpeta: বৰপেটাৰ চেঙাত ব্ৰক্ষপুত্ৰৰ কালৰূপ, নদীৰ বুকুত বিলীন কাছুমাৰাৰ বৃহৎ অঞ্চল

বৰপেটা, ১৯জুন : চেঙাত ব্ৰক্ষপুত্ৰৰ কালৰূপ ।নদীৰ বুকুত বিলীন কাছুমাৰাৰ বৃহৎ অঞ্চল। কালৰূপী খহনীয়াই কাঢ়ি নিলে বহু লোকৰ ঘৰ,মাটি ভেটি। কানসাৰ নাই চৰকাৰ তথা স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনৰ(Massive erosion in Barpeta)।
বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাছুমাৰাত সুদীৰ্ঘ বছৰ ধৰি ব্যাপক হাৰত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া। এফালৰ পৰা চপৰা চপৰে খহি আহিছে গৰা । খহনীয়া ফলত অঞ্চলটোৰ বহু লোকৰ ঘৰ মাটি, ৰাজহুৱা অনুষ্ঠান আদি ইতিমধ্যেই নদীৰ বুকুত বিলীন হৈছে । শেহতীয়াকৈ ভয়ংকৰ ৰূপত হোৱা নদীৰ খহনীয়াই আতংকিত কৰি তুলিছে নদীপৰীয়া গঞা ৰাইজক ।
উল্লেখ্য যে, বিগত কেবা বছৰ ধৰি বৃহত্তৰ কাছুমাৰা অঞ্চলত ব্ৰহ্মপুত্ৰ নদীৰ সমান্তৰালকৈ ব্ৰক্ষপুত্ৰৰ সূঁতি নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰাত অঞ্চলটোৰ বহু লোকৰ ঘৰ,মাটি ভেটি নৈৰ বুকুত বিলীন হৈছে । অন্যান্য বছৰৰ দৰে এইবেলিও এই অঞ্চলটোত নৈৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি এফালৰ পৰা মাটি খহাই নিয়াত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৃহত্তৰ কাছুমাৰা অঞ্চলৰ ৰাইজৰ মাজত(Brahmaputra river continued to erosion at massive rate Constituency in Barpeta)।
শেহতীয়াকৈ হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰক্ষপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ সমান্তৰালকৈ সূঁতি নৈৰ খহনীয়াৰ কাল ৰূপ দেখি এতিয়া শংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ । বহু লোকৰ ঘৰ দুৱাৰ ইতিমধ্যে কালৰূপী খহনীয়াই খহাই নিয়াত অঞ্চলটোৰ দূৰ্ভগীয়া পৰিয়ালসমূহে এতিয়া অঘৰী জীৱন যাপন কৰিব লগা হৈছে । ইয়াৰ পাছতো কানসাৰ চৰকাৰ তথা স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইনৰ ।
গৰাখহনীয়াৰ কৱলত পৰি ঘৰ মাটি হেৰুওৱা এই দুৰ্ভগীয়া লোকসকলে এতিয়া অন্ন, বস্ত্ৰ, বাসস্থানৰ বাবে কৰিব লগা হৈছে হাহাকাৰ । বিগত কেইবাবছৰ ধৰি বৃহত্তৰ কাছুমাৰা অঞ্চলত একেলেথাৰিয়ে হৈ অহা গৰাখহনীয়াৰ পাছতো চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়ক আশ্ৰাফুল হুছেইন তথা স্থানীয় প্ৰশাসনে খহনীয়া ৰোধৰ বাবে লোৱা নাই কোনো ব্যৱস্থা । এই অভিযোগ স্থানীয় ৰাইজৰ ।
খহনীয়াগ্ৰস্তকে ধৰি স্থানীয় ৰাইজে খহনীয়াগ্ৰস্ত অঞ্চলটোত শীঘ্ৰেই খহনীয়া প্ৰতিৰোধৰ বাবে যাৱতীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ স্থানীয় বিধায়ক আৰু চৰকাৰৰ সংশ্লিষ্ট কৰ্তৃপক্ষক ৰাইজে দাবী জনাইছে । অন্যথা চেঙা সমষ্টিৰ অন্তৰ্গত এই বৃহৎ অঞ্চলটো নদীৰ বুকুত সম্পূৰ্ণৰূপে বিলীন হৈ পৰিব ।
লগতে পঢ়ক : Floods in Assam : কামপুৰত বানৰ বিভীষিকা,কপিলীয়ে লৈছে ভয়ংকৰ ৰূপ