Local, Vocal, Global

চিকিৎসালয়লৈ নিম বুলি পথৰ দাঁতিত পেলাই দিলে…পুৱা মৃতদেহ উদ্ধাৰ

বটদ্ৰৱাত চাঞ্চল্যকৰ ঘটনা। দুৰ্ঘটনা সংঘটিত কৰি গুৰুত্বৰভাবে আহত ব্যক্তিক চিকিৎসালয়লৈ নিম বুলি পেলালে পথৰ দাঁতিত। পুৱা মৃতদেহ উদ্ধাৰ।

নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত ভেটিয়ণি গাঁৱত যোৱাকালি কালি সংঘটিত এক পথ দুৰ্ঘটণাত এজন লোক গুৰুত্বৰ ভাবে আহত হৈছিল। পাছত দুৰ্ঘটনা সংঘটিত কৰি পলাবলৈ চেষ্টা কৰা AS O1 Da 2033 নম্বৰৰ ছুইফ্ট ডিজায়াৰ গাড়ী খন স্থানীয় ৰাইজে আটক কৰাত, গাড়ীৰ আৰোহী সকলে আহত ব্যাক্তিজনক ধিং চিকিৎসালয়লৈ নিয়াৰ দায়িত্ব লৈ আহত লোক গৰাকীক লৈ যায়।

পাছত নিশা বটদ্ৰৱাৰ বাটমাৰী গাঁৱৰ মুকছিদুল ইছলাম আহত লোক জনৰ পৰিয়াৰলৰ লোকে ধিং চিকিৎসালয়লৈ গৈ আহত লোক জনৰ কোনো শুংসূত্ৰ নাপাই, নগাঁৱৰ সকলো চিকিৎসালয়ত বিচাৰ খোচাৰ কৰি উপায়ন্তৰ হৈ আৰক্ষীক এজাহাৰ দাখিল কৰে। অৱশেষত আজি পুৱা নগাঁও-বটদ্রৱা সংযোগী পথৰ হাইডুবী জিৰণি চৰাত পুৱা মৃতদেহ উদ্ধাৰ হয়।

এনেদৰে গাড়ীত উঠাই দুৰ্ঘটণাত গুৰুতৰভাৱে আহত হোৱা লোকজনক চিকিৎসা ব্যৱস্থা কৰিম বুলি ধিঙলৈ নিয়াৰ পাছত আজি পুৱা পথৰ কাষত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাত বটদ্ৰৱাত চাঞ্চল্য সৃষ্টি হৈছে।