Local, Vocal, Global

ভাৰতৰ দুজন খেলুৱৈয়েহে অষ্ট্ৰেলিয়াত সুযোগ পালে চাৰিওখন টেষ্ট খেলিবলৈ

অষ্ট্ৰেলিয়াৰ ব্ৰিছবেনত অনুষ্ঠিত হৈছে চতুর্থ টেষ্ট। কিন্তু টীম ইণ্ডিয়াত আছে মাথোন দুজন এনে খেলুৱৈ যি চাৰিওখন টেষ্টতে অংশ লৈছে। এই দুজন খেলুৱৈ হৈছে বর্তমানৰ অধিনায়ক আজিংকা ৰাহানে আৰু চেতেশ্বৰ পূজাৰা। আনহাতে চতুর্থ টেষ্টৰ ভাৰতীয় দলটোত ৪টা সালসলনি ঘটোৱা হৈছে। বেগী বলাৰদ্ৱয় ৱাশ্বিংটন সুন্দৰ আৰু টি নটৰাজনে ব্ৰিছবেনত অভিষেক ঘটাইছে। আনহাতে মিডল অর্ডাৰ বেটছেমনৰূপে দললৈ প্ৰত্যাৱর্তন কৰিছে ৱাশ্বিংটন সুন্দৰ আৰু শ্বার্দুল ঠাকুৰে। ব’র্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ এই শৃংখলাত আঘাতৰ বাবে ১২জনকৈ খেলুৱৈ টীম ইণ্ডিয়াৰ পৰা বাদ পৰিছে।