Bor Alengi Satra Sattradhikar Bhabananda Debnath Passes Away : মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী বৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ দেৱগোস্বামীৰ দেহাৱসান

নিউজ ডেস্ক,১১জুলাই : মাজুলীৰ ঐতিহাসিক শ্ৰীশ্ৰী বৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ ভৱানন্দ দেৱগোস্বামীৰ দেহাৱসান। বৃহস্পতিবাৰে পুৱা প্ৰায় সাত বজাত জি এম চি এইচত সত্ৰীয়া সাধকগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৮৫ বছৰ(Bor Alengi Satra Sattradhikar Bhabananda Debnath Passes Away)।
বাৰ্ধক্যজনিত কাৰণত গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছিল সত্ৰাধিকাৰগৰাকী।
দুজনা গুৰুৰ আদৰ্শক শিৰোগত কৰি ওৰেটো জীৱন সত্ৰীয়া কৃষ্টি-সংস্কৃতি প্ৰচাৰ-প্ৰসাৰৰ বাবে কাম কৰি গৈছিল প্ৰয়াত সত্ৰাধিকাৰগৰাকীয়ে। মাজুলী ঐতিহাসিক বৰ এলেঙী সত্রৰ সত্রাধিকাৰৰ শ্রীশ্রী ভৱানন্দ দেৱ গোস্বামীৰ দেহাৱসানে শোকৰ ছাঁ পেলাইছে ৰাজ্যত।
লগতে পঢ়ক : Tragic Road Accident : নিয়ন্ত্ৰণ হেৰুৱাই স্কুটীৰ খুন্দা পকী বেৰত;নিহত এজন