Local, Vocal, Global

Tragic Road Accident : নিয়ন্ত্ৰণ হেৰুৱাই স্কুটীৰ খুন্দা পকী বেৰত;নিহত এজন

নিউজ ডেস্ক,১১জুলাই : ভয়ংকৰ পথ দুৰ্ঘটনা । নিহত এজন ।

ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত ঘিলামৰাত ভয়ংকৰ পথ দুৰ্ঘটনা । বুধবাৰে সন্ধিয়া প্ৰায় ৭-৩০ মান বজাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো ।

জানিব পৰা মতে, বুধবাৰে সন্ধিয়া AS07-X – 9078 নম্বৰৰ TVS স্কুটীৰে দিব্যজ্যোতি বৰুৱা নামৰ এজন যুৱকে ঘৰৰ অভিমুখে গৈ থাকতে হঠাতে ঘিলামৰা কলিতা গাঁৱৰ জনৈক নাথৰ চৌহদৰ পকী বেৰত নিয়ন্ত্ৰণ হেৰুৱাই প্ৰচণ্ড জোৰত খুন্দা মাৰে । ফলত যুৱকজনে থিতাতে নিহত হয়(Tragic Road Accident)।

পৰৱৰ্তী সময়ত যুৱকজনক মৃত অৱস্থাত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি ঘিলামৰা আৰক্ষীক অৱগত কৰে। ঘটনা খবৰ পাই ঘিলামৰা আৰক্ষীয়ে যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰি আৰু দূৰ্ঘটনাগ্ৰস্ত স্কুটী খন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে। ৰাইজে এই দুঃসংবাদ লাভ কৰি ঘিলামৰা থানাত নিশা ১০-৩০ বজাত উপস্থিত হৈ মৃতকৰ অন্তিম দর্শন কৰি শোকস্তব্ধ হয় ।

লগতে পঢ়ক : এজন যুৱকক মৰিয়াই মৰিয়াই হত্যা এদল উদণ্ড যুৱকৰ!