Local, Vocal, Global

মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত কে কে, মোহন, বেহাৰবাৰী আউটপোষ্ট আই চি ছাৰেও বৈঠকত অংশ ল’লে

*মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ চৰকাৰী বাসগৃহত আজি হঠাৎ উপস্থিত হ’লহি কে কে,  মোহন আৰু আই চি প্ৰীতম খাৰঘৰীয়া।

*চলিল দীৰ্ঘ সময়ৰ আলোচনা- বিলোচনা

দীৰ্ঘ লকডাউনৰ পৰিপ্ৰেক্ষিতত স্থবিৰতা আহি পৰিছে ৰাজ্যৰ বিনোদন উদ্যোগটোত। ছবি উদ্যোগে বিগত বছৰটোৰ শেষৰ ফালে প্ৰাণ পাই উঠিছিল যদিও এই বছৰৰ আৰম্ভণিৰ পৰাই কাল কৰ’নাৰ সংহাৰত সকলো স্তব্ধ। ৰাজ্যৰ ব্যক্তিগত বিনোদন চেনেল কেইটাৰ যিকেইখন জনপ্ৰিয় ধাৰাবাহিকে দৰ্শকৰ মনত ছাঁ বহুৱাইছে সেই ধাৰাবাহিক বোৰৰো শ্বুটিং বন্ধ হৈ আছে। সমস্যাত শিল্পী, কলা -কুশলী সকল। বিনোদন উদ্যোগটোৰ সৈতে জড়িত সকলৰ এই সমস্যা সমূহ লৈয়েই আজি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰে জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰ বাৰী আউটপোষ্ট’ৰ শিল্পী কলা কুশলীৰ এটা দল। ধাৰাবাহিক খনৰ পৰিচালক ৰাজেশ ভূঞা ৰ নেতৃত্বত দলটোৱে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি প্ৰধানকৈ শ্বুটিং সমূহ আৰম্ভ কৰাৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনাইছে।