Watch | Book release regarding the production process of Mukuta at Dhing College: ধিং মহাবিদ্যালয়ত মুকুতা উৎপাদন প্ৰক্ৰিয়া সন্দৰ্ভত গ্ৰন্থ উন্মোচন

ধিং: ৰাজ্য খনত পোনপ্ৰথম বাৰৰ বাবে মুকুতা উৎপাদন কৰি গৌৰৱ কঢ়িয়াই অনা ৰুলেন হাজৰিকাই প্ৰনয়ন কৰা মুকুতা উৎপাদন প্ৰক্ৰিয়া সন্দৰ্ভত গ্ৰন্থ আজি বৃহস্পতি বাৰে উন্মোচন ধিং মহাবিদ্যালয়ত। উল্লেখযোগ্য যে- অসমৰ শৈক্ষিক ক্ষেত্ৰখনত নগাঁৱৰ ধিং মহাবিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ উদ্যোগত প্ৰথমবাৰৰ মুকুতা উৎপাদন প্ৰক্ৰিয়া সন্দৰ্ভত এক পাঠ্যক্ৰমত প্ৰৱৰ্তন কৰি দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়।
ধিং মহাবিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ উদ্যোগতে আয়োজিত এক অনুষ্ঠানত ৰুলেন হাজৰিকা, চৈয়দ মহম্মদ গালিব আৰু ডঃ পূৰ্ণিমা দাস বৰাই লিখা “ফ্ৰেছ ৱাটাৰ পাৰ্ল কালাৰ” শীৰ্ষক গ্ৰন্থ খন উন্মোচন কৰি বিশিষ্ট শিক্ষাবিদ তথা নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে কয় যে-”এই গ্ৰন্থ খন সতেজ পানীৰ মুকুতা সংস্কৃতিৰ ওপৰত এক বিস্তৃত কামৰ প্ৰমাণ । মুকুতাই সদায় মানৱ জাতিক যুগে যুগে মুগ্ধ কৰি আহিছে।কালজয়ী আড়ম্বৰ, প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সাংস্কৃতিক তাৎপৰ্য্যই প্ৰজন্মৰ পিছত প্ৰজন্মক আকৰ্ষণ কৰি আহিছে। কিন্তু এই গ্ৰন্থ উন্মোচন কৰি কেৱল মুকুতা উদযাপন কৰা নাই । বিজ্ঞান, উদ্ভাৱন, জীৱিকাৰ সুযোগ, আৰু সতেজ পানীৰ মুকুতা সংস্কৃতিয়ে প্ৰতিনিধিত্ব কৰা বহনক্ষম জলজ কৃষি পদ্ধতিক উদযাপন কৰিছো”।
শিক্ষাবিদ গৰাকীয়ে আৰু কয় যে নিখুঁতভাৱে গৱেষণা কৰি সুন্দৰভাৱে বিষয় বস্তু উপস্থাপন কৰা এই গ্ৰন্থখন কেৱল তথ্যৰ সংকলনতকৈও অধিক বুলি ড০বৰকটকীয়ে অভিহিত কৰে। এই অনুষ্ঠানত ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ বিমান হাজৰিকা , সমবায় সমিতি সমূহৰ যুটীয়া পঞ্জীয়ক বিশ্বজিৎ চক্ৰৱৰ্তী, কটন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ডঃ অলকেশ কুমাৰ বাৰ্মা অতিথি হিচাপে উপস্থিত থাকে।