Local, Vocal, Global

বইটামাৰীত ৰে’ল বিভাগৰ কৰ্মকাণ্ডত অনিয়মৰ অভিযোগ

বঙাইগাঁও জিলাৰ বইটামাৰীত ৰে’ল বিভাগৰ কৰ্মকাণ্ডত চুড়ান্ত অনিয়ম। বইটামাৰীৰ বৰখাতাত ৰে’ল বিভাগৰ ৰে’লপথ নিৰ্মাণত চলিছে চুড়ান্ত অনিয়ম। পাইলিং নকৰাকৈ মাটি পেলাই নিৰ্মাণ কৰিছে ৰে’ল পথ নিৰ্মাণ। যাৰ ফলত বৃহস্পতিবাৰে  ৰে’ল পথত বৃহৎ বৃহৎ ফাঁট মেলাৰ লগতে মাটিও সোমাই যোৱা পৰিলক্ষিত হয়। ঠিকাদাৰ হেমেন ডেকা আৰু আই ডব্লিউ দেবব্ৰত দাসৰ চুড়ান্ত গাফিলতিতে এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ। সম্প্ৰতি ৰে’ল বিভাগে ফাঁট মেলা ঠাইৰ মাটি আঁতৰাই অন্য স্থানত স্থানান্তৰ কৰিছে।