Local, Vocal, Global

Bomb Explodes Near A Mosque In Pakistan : মছজিদৰ সমীপত ভয়ংকৰ বিস্ফোৰণৰ ঘটনা

ইণ্টাৰনেশ্যনেল ডেস্ক, ২৯ছেপ্টেম্বৰ : ভয়ংকৰ বিস্ফোৰণ । মছজিদৰ সমীপত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণৰ ঘটনা(Bomb Explodes Near A Mosque In Pakistan) । বিস্ফোৰণৰ ফলত নিহত ৫২জনকৈ লোক, আহত ১৩০জনৰো অধিক ।

পাকিস্তানৰ বেলুচিস্তানত সংঘটিত হৈছে এই ভয়ংকৰ বিস্ফোৰণৰ ঘটনা । শুকুৰবাৰে পাকিস্তানৰ বেলুচিস্তানৰ এটা মছজিদৰ সমীপত সংঘটিত বিস্ফোৰণ । জানিব পৰা মতে ঈদ–মিলাদ–উন–নবী উপলক্ষে বেলুচিস্তানৰ এটা মছজিদৰ বাহিৰত ৰেলীৰ বাবে সমাগম হৈছিল বহু লোকৰ । সেই সময়তে সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনা(52 killed over 130 injured in suicide blast in Pakistan Balochistan)।

জিঅ’ চমাচাৰৰ মতে, এই ভয়ংকৰ বিস্ফোৰণ ঘটনাটো মুস্তাংগ জিলাত সংঘটিত হৈছে। এজন বিষয়াই কয় যে মছজিদৰ সমীপত ঈদ–মিলাদ–উন–নবী উপলক্ষে বহু লোকৰ সমাগম হোৱাৰ সময়তে বিস্ফোৰণটো সংঘটিত হয়(34 Killed130 Injured After Bomb Explodes Near A Mosque In Pakistan)।

এক বিবৃতিত পাকিস্তান চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে যে , ‘ঈদ–মিলাদ–উন–নবীৰ ৰেলীত কোনো দুৰ্বৃত্তই কৰা আক্ৰমণ অতি জঘন্য।’

এই ঘটনাৰ সন্দৰ্ভত বেলুচিস্তানৰ তথ্য মন্ত্ৰী জান আচকজাইয়ে এক্স (পূৰ্বৰ টুইটাৰ) ত এটা পোষ্ট কৰি মৃতকৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰিছে । তেওঁ কয় এই বিস্ফোৰণ অতি অসহনীয়।

ডন সংবাদ পত্ৰৰ খবৰ অনুসৰি, এই বিস্ফোৰণটো ইমানে ভয়ংকৰ আছিল যে বিস্ফোৰণৰ ফলত কমেও ৫২জন লোক নিহত হয় আৰু ১৩০ জনৰো অধিক আহত হয়। আহতসকলক ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

প্ৰশাসনৰ ফালৰ পৰা জনোৱা অনুসৰি, বিস্ফোৰণৰ ফলত আহত হোৱা লোকসকলৰ মাজত বহুতৰে অৱস্থা অতি সংকটজনক। বিস্ফোৰণত নিহত লোকসকলৰ ভিতৰত এগৰাকী উপ আৰক্ষী অধীক্ষকো আছে।

লগতে পঢ়ক :Cauvery issue : কৰ্ণাটকত তীব্ৰ প্ৰতিবাদ; বন্ধ বিদ্যালয়- মহাবিদ্যালয়,বাতিল ৪৪ খন বিমান