WATCH | Boko News : আজি পহিলা ব’হাগ;ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মন্দিৰ, সত্ৰ, নামঘৰত ভক্তৰ ভিৰ

বকো,১৫এপ্ৰিল : আজি পহিলা ব’হাগ, অৰ্থাৎ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। ৰাজ্যৰ চুকে কোণে ধৰ্মীয় অনুষ্ঠান সমূহত বছৰটোৰ বাবে মংগল কামনা কৰি সেৱা অৰ্চনা কৰিছে প্ৰতিজন অসমীয়াই। তাৰ মাজতে পৰম্পৰা অটুট ৰাখি প্ৰতি বছৰৰ দৰেই এইবেলিও বকোৰ ২ নং ভাটিপাৰাৰ ঐতিহ্যমণ্ডিত কেছাই খাইটি থানত দেখা গ’ল এই দৃশ্য। বৃহত্তৰ অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে বহাগ বিহুৰ আজিৰ এই দিনটোতে দেৱী মাৰ আশীৰ্বাদ বিচাৰি ভিৰ কৰা দেখা যায়(Boko News)।
প্ৰায় ২০০ বছৰৰো অধিক পূৰণি ঐতিহ্যমণ্ডিত এই শ্ৰী শ্ৰী কেচাইখাইটি থান। উল্লেখ্য যে, অতীজৰে পৰা অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে পূজা পাটল কৰি আহিছে বুলি জনায়। নৱবৰ্ষৰ প্ৰথম দিনা ভক্তিভাৱ তথা আধ্যাত্মিক ভাৱেৰে বিভোৰ হৈ পৰে থান চৌহদ।
ইফালে, ৰাভা হাছং স্বায়ত্বশাসিত পৰিষদৰ নৱ নিৰ্বাচিত পাৰিষদ নগৰমল স্বৰ্গীয়াৰীয়ে ঐতিহ্যমণ্ডিত পূৰণি শক্তি পীঠস্থানটোত আমন্ত্ৰণ মৰ্মে উপস্থিত হৈ আন্তঃগাথঁনি উন্নীতকৰণৰ বাবে নিজৰ পুঁজিৰ জৰিয়তে পৰ্যাপ্ত সহায়ৰ আশ্বাস দিয়ে।
লগতে পঢ়ক : WATCH | Sonapur News : সোণাপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীৰ আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বিহু