Watch | Boko news: অগনন ভক্তৰ লানি নিচিঙা সোত বকোৰ যমুনেশ্বৰ শিৱালয়ত
বকো: আজি পবিত্ৰ শাঁওন মাহৰ প্ৰথমটো সোমবাৰ । আজিৰ দিনটোত সমগ্ৰ দেশৰ লগতে বকোৰ যমুনেশ্বৰ শিৱালয়তো শাঁওন মহীয়া বাঁওকা জলযাত্ৰাত ভক্তৰ লানি নিচিঙা ভীৰ পৰিলক্ষিত হয় ।
সমগ্ৰ জীৱ কুলৰ মঙ্গলৰ কামনাৰ্থে এই শাঁওন মাহত শিৱ ভক্ত সকলে নিজৰ লগতে আন দহৰ উপৰিও সমাজৰ মংগলৰ বাবে ব্ৰত পালন কৰে। গোটেই মাহ জুৰি প্ৰতি সোমবাৰে শিৱ মন্দিৰত গৈ মংগল প্ৰাৰ্থনা জনায়।
এই উপলক্ষে বিগত বছৰবোৰৰ দৰে এই বৰ্ষও কামৰূপ জিলাৰ বকোৰ যমুনেশ্বৰ শিৱালয়ত ভক্তই কৰিছে ভীৰ ।
লগতে পঢ়ক: Watch | Jamugurihat news: বালিপৰাৰ খনামুখৰ বোকাগাঁৱৰ ৰায়োছ মিলিৰ মডেলিংত বৃহৎ সফলতা