Local, Vocal, Global

WATCH | Boko News : চৰকাৰৰ ভুল নীতিৰ বাবে ধ্বংসৰ পথত এখন বিদ্যালয়

বকো,৮মে’ : চৰকাৰৰ ভুল নীতিৰ বাবে ধ্বংসৰ পথত এখন বিদ্যালয়। বিদ্যালয় খনত নাই এজনো শিক্ষক। হয়, আপুনি ঠিকেই শুনিছে, এইখন হ’ল বকোৰ শিক্ষাখণ্ড অন্তৰ্গত দিলিঙ্গা আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়।

বিদ্যালয়খনত এসপ্তাহ ধৰি নাই এজনো শিক্ষক। যাৰ বাবে এতিয়া সমস্যাত পৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকল। সততে শিক্ষাৰ আমূল পৰিবৰ্তনৰ কথা কোৱা বিজেপি নেতৃত্বাধীন দিনত সংঘটিত এই ঘটনা। ‘আমাক শিক্ষক লাগে, শিক্ষক নিযুক্তি দিয়ক’ শ্লো’গানৰে উত্তাল হ’ল দিলিঙা আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয় চৌহদ(Boko News)।

ইফালে প্ৰায় ৬৪ গৰাকী ছাত্ৰ ছাত্ৰী আছে বিদ্যালয়খনত। কিন্তু অতি পৰিতাপৰ বিষয় এই যে, ৪/৫ বছৰ ধৰি নিযুক্তি দিয়া নহ’ল বিজ্ঞান আৰু হিন্দী বিষয়ৰ এজনো শিক্ষক। মাত্ৰ এগৰাকী শিক্ষকৰে চলিছে বিদ্যালয়খন। অধ্যয়নৰ পৰিৱৰ্তে আজি শিক্ষক বিচাৰি কৰিব লগা হৈছে প্ৰতিবাদ।

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত শিক্ষা মন্ত্ৰী ৰণোজ পেগু, জিলা আয়ুক্ত তথা জিলা শিক্ষা বিভাগৰ কাৰ্য্যালয়ত আৱেদন নিৱেদন কৰাৰ পাছতো আজিলৈ নাপালে কোনো সঁহাৰি। সেয়ে আজিৰ দিনটোত এনেদৰে ছাত্ৰ ছাত্ৰী‌ সকলৰ অভিভাৱকৰ উপস্থিতিত অনুষ্ঠিত হ’ল সাধাৰণ সভা। ১০ তাৰিখৰ ভিতৰত শিক্ষক নিদিলে বিদ্যালয়খনত মৰা হ’ব তলা।

লগতে পঢ়ক : WATCH | Heated situation : গেৰিমাৰীত ভোটদান প্ৰক্ৰিয়া চলি থকাৰ মাজতে নিৰ্বাচনী হিংসা