Bohag Bihu 2024 : মুকলি বিহুৰ মাদকতাৰে বঢ়মপুৰত ‘অসম উৎসৱ’

নগাঁও,১৭ এপ্ৰিল : নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত বঢ়মপুৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজন সমন্বয়ৰ বাৰ্তা বাহক ” অসম উৎসৱ”। এদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে আয়োজিত সমন্বয়ৰ বাৰ্তা বাহক ” অসম উৎসৱ”ৰ প্ৰথম কাৰ্য্যসূচীত প্ৰদৰ্শন কৰা হয় মুকলি বিহু। মঙলবাৰে বিয়লি অনুষ্ঠিত হোৱা মুকলি বিহুৱে ঐতিহাসিক বঢ়মপুৰৰ ৰাজহুৱা খেলপথাৰত এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰে ৷
বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন জাতি- জনগোষ্ঠীৰ মিলন ভূমি বঢ়মপুৰত , সকলোৱে একত্ৰিতভাৱে বিহু প্ৰদৰ্শন কৰি পৰিণত কৰিলে সমন্বয়ৰ এক উৎসৱস্থলীলৈ। ৰঙালী বিহুত মুকলি বিহু প্ৰদৰ্শনৰ বাবে যোৱা ২৪ মাৰ্চৰ পৰা চলি আছিল বিহু কৰ্মশালা ৷ কৰ্মশালাৰ সামৰণি অনুষ্ঠান হিচাপে আজি সৰুৰ পৰা ডাঙৰলৈ বিভিন্ন বয়সৰ প্ৰায় পাঁচ শতাধিক নাচনী আৰু অৰ্ধশতাধিক ঢুলীয়াই একেলগে প্ৰদৰ্শন কৰে বিহু।
প্ৰতিকূল বতৰকো নেওচি চাৰিওফালে অগণন শ্ৰোতা-দৰ্শকৰ ভিৰ হোৱা পৰিলক্ষিত হয় ৷ ৰঙালী বিহুৰ এক অন্যন্য বাতাবৰণৰ মাজত ” অসম উৎসৱ”ৰ এই মুকলি বিহু অনুষ্ঠিত হৈছে আৰু অনাগত দিনত বঢ়মপুৰৰ এই ” অসম উৎসৱ ” অসমৰ উৎসৱৰূপে প্ৰতিষ্ঠিত কৰিবলৈ, আশাবাদী উদ্যোক্তা সমিতি।
উল্লেখ্য যে, ২০২২ বর্ষত সাদিন -প্ৰতিদিন গোষ্ঠীৰ ফালৰ পৰা ৰাজ্যৰ ভিতৰতে দ্বিতীয় শ্ৰেষ্ঠ বিহু সন্মিলনৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল বঢ়মপুৰৰ ” অসম উৎসৱে “। মুকলি বিহুৰ পাছতেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত বিহুদলৰ বিহুনৃত্য, জেংবিহু, লোকবাদ্য, লোকনৃত্য আৰু বিভিন্ন জনগোষ্ঠীয় নৃত্য আদিৰ লগতে নিশালৈ জনপ্ৰিয় শিল্পীৰ সংগীতানুষ্ঠানে দৰ্শকক মুগ্ধ কৰে।
স্মর্তব্য যে ,বঢ়মপুৰৰ উন্নয়নৰ ক্ষেত্ৰত অসম উৎসৱৰ এক ভূমিকা আছে আৰু অসমৰ উন্নয়নৰ ক্ষেত্ৰতো এই উৎসৱে গ্ৰহণ কৰিব এক যোগাত্মক ভূমিকা ৷
লগতে পঢ়ক : Mamata Banerjee’s Gamosa Controversy in Silchar : অসমলৈ আহি অসমৰ স্বাভিমান গামোচাক অপমান মমতা বেনাৰ্জীৰ