Local, Vocal, Global

Body recover in Orang National Park : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চাঞ্চল্যকৰ ঘটনা

দলগাওঁ, ১৩জুন : ওৰাং ৰাষ্ট্ৰীয় উদ্যানত চাঞ্চল্যকৰ ঘটনা ।ওৰাং ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ বনকৰ্মীৰ মৃতদেহ। মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে আৰু লগে লগে ঘটনা সন্দৰ্ভত আৰক্ষী আৰু বন বিভাগক খবৰ দিয়ে।

প্ৰাপ্ত খবৰ অনুসৰি ,মঙলবাৰে পুৱা ওৰাং ৰাষ্ট্ৰীয় উদ্যানত ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হয় ।মৃত ব্যক্তিজনৰ ঘৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ অংশত ১ নং কচাৰী ভেটিটুত গাঁৱৰ সীমান্তৱৰ্তী অঞ্চলৰ বুলি জানিব পৰা গৈছে (body recover in Orang National Park)৷ মৃত ব্যক্তি গৰকীৰ নাম ওমেদ আলী। ৩৭ বছৰ বয়সীয়াল ওমেদ আলী বনকৰ্মীগৰাকী কেজুৱেল কৰ্মচাৰী হিচাপে কৰ্মৰত আছিল ।

উল্লেখ্য যে, মৃত লোক জনৰ মৃত্যুৰ কাৰণ সম্প্ৰতিও জানিব পৰা হোৱা নাই। এজন তহলদাৰী কেজুৱেল বন কৰ্মীৰ মৃতদেহ উদ্ধাৰৰ কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যই সৃষ্টি হৈছে ।

কৰ্মৰত অৱস্থাত কিদৰে এগৰাকী বনকৰ্মীৰ অকাল মৃত্যু হ’ল তাক লৈ বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হোৱাৰ লগতে বনদস্যু তথা বন মাফিয়াৰ আক্ৰমণত মৃত্যু হোৱা বুলিও সন্দেহ প্ৰকাশ কৰিছে একাংশই । ঘটনাস্থলীত উপস্থিত হৈছে বন বিষয়া তথা প্ৰশাসন । ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে (body recover in Orang National Park)।

তাৎপৰ্যপূৰ্ণ যে, ৰাজ্যত প্ৰতিদিনে উদ্ধাৰ হয় এটাৰ পিছত আন এটা ৰহস্যজনক মৃতদেহ। প্ৰতিদিনে সংবাদ মাধ্য়মৰ শিৰোনাম দখল কৰে মৃতদেহ উদ্ধাৰৰ ঘটনাই। ৰাজ্যত প্ৰতিদিনে বৃদ্ধি হৈছে অপৰাধ আৰু অপৰাধীৰ সংখ্যা ।আৰক্ষী যিমানে সষ্টম হৈছে সিমানে একাংশ দুষ্ট চক্ৰই চলাই আছে অপৰাধ। চোৰ ,ডকাইটি ,ড্ৰাগছ সৰবৰাহ ,বহিৰাজ্য লৈ গৰু সৰবৰাহকাৰী লগতে একাংশই নকল সোণৰ ৰমৰমীয়া ব্য়ৱসায় চলাই আছে । এতিয়াই প্ৰশ্ন হয় আৰক্ষী তথা প্ৰশাসন সষ্টম হোৱাৰ পিছটো কেনেকৈ একাংশই চলাই গৈছে অপৰাধ।

লগতে পঢ়ক : Wild elephanat death : পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু