Local, Vocal, Global

বিশ্বনাথত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ৯ জুলাই : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰত্যেক দিনাই অচিনাক্ত মৃতদেহ উদ্ধাৰ ঘটনাই স্থান লাভ কৰে ।

শনিবাৰে অসমৰ বিশ্বনাথ চাৰিআলিৰ Simaluguri ৰে’লপথৰ পৰা উদ্ধাৰ হৈছে এজন অচিনাক্ত ব্যক্তিৰ মৃতদেহ ।

আৰক্ষীয়ে জনোৱা অনুসৰি, শনিবাৰে পুৱা প্ৰায় ৬:৩০ বজাত Borgang ৰে’ল ষ্টেচনৰ মাষ্টাৰে তেওঁলোকক চিমালুগুৰিত ৰে’লপথত এজন লোকৰ মৃতদেহ পৰি থকাৰ বিষয়ে অৱগত কৰিছিল।

খবৰ দিয়াৰ পিছতে বিশ্বনাথ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছিল।

উল্লেখ্য যে, মানুহজনক এখন মালবাহী ৰে’লৰ দ্বাৰা খুন্দা মৰা বুলি সন্দেহ কৰা হৈছিল।

অৱশ্যে, বৰ্তমান সময়লৈকে মৃতদেহটো চিনাক্ত কৰা হোৱা নাই।

আৰক্ষীয়ে জানিব দিয়ে যে, “মৃত ব্যক্তিজনক কোনো স্থানীয় লোকে চিনাক্ত কৰা নাই। সম্ভৱতঃ, তেওঁ এই অঞ্চলৰ বাসিন্দা নহয়। আমি ঘটনাস্থলী পৰিদৰ্শন কৰি আছোঁ আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছো। প্ৰতিবেদন অহাৰ পিছত আমি অধিক বিৱৰণ পাম।”