Local, Vocal, Global

Body of Missing Fisherman Found : মাছ ধৰিবলৈ গৈ নদীত পৰি সন্ধাহীন ব্যক্তি

নিউজ ডেস্ক, ২৫মাৰ্চ : অৱশেষত উদ্ধাৰ হ’ল সোনাৰী চাপৰিৰ চেলা চাৰিকড়িয়া নদীত সন্ধানহীন হোৱা ব্যক্তিজনৰ মৃতদেহ। এছ ডি আৰ এফ বাহিনীৰ অভিযানত উদ্ধাৰ হয় ব্যক্তিজনৰ মৃতদেহ(Body of Missing Fisherman Found) ।

উল্লেখ্য যে, সোনাৰী চাপৰি আৰক্ষী চকীৰ অন্তৰ্গত সৰু পতিয়া গাঁওৰ যোগেশ চুতীয়া নামৰ প্ৰায় ৩৫ বছৰীয়া ব্যক্তিজনে সোমবাৰে পুৱা প্ৰায় ৯-৩০ বজাত মাছ ধৰিবলৈ বুলি সমীপৰ চেলা চাৰিকঢ়িয়া নদীলৈ গৈছিল।
মাছ ধৰিবলৈ যাওতে ঘটিল অঘটন । নদীৰ বুকুত নাৱেৰে মাছৰ সন্ধান কৰি থাকোতে হঠাতে নদীত পৰি যায় লোকজন।

এই ঘটনাটো সংঘটিত হোৱা পিছতে স্থানীয় লোকে উদ্ধাৰ অভিযান চলাই যদিও উদ্ধাৰত ব্যৰ্থ হয়। ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীক যোগাযোগ কৰে আৰু ঘটনা সন্দৰ্ভত এছ ডি আৰ এফ বাহিনীয়ে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয়। এছ ডি আৰ এফ বাহিনীৰ চেষ্টাত ব্যক্তিজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । সোনাৰী চাপৰি আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে লখিমপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰাৰ ব্যবস্থা কৰি এক গোচৰ ৰুজু কৰিছে(Body of Missing Fisherman Found) ।

এই ঘটনাৰ পিছতে অঞ্চলজুৰি শোকাকূল পৰিবেশে বিৰাজ কৰিছে ।

লগতে পঢ়ক : Assam CM visits Barpeta Satra for Holi Festival: বৰপেটা সত্ৰত উপস্থিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা