পুনৰ মহানগৰীত উদ্ধাৰ মৃতদেহ! ডিঙি কটা অৱস্থাত উদ্ধাৰ অধিবক্তাৰ মৃতদেহ
ডিজিটেল ডেস্ক:- গুৱাহাটীত আন এক চাঞ্চল্যকৰ ঘটনা।পুনৰ মহানগৰীত উদ্ধাৰ ব্যক্তিৰ মৃতদেহ।শুকুৰবাৰে ভেটাপাৰাত উদ্ধাৰ হয় মৃতদেহটো। উদ্ধাৰ হোৱা মৃতদেহটো কন্দৰ্প ওঝাৰ বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আছিল কন্দৰ্প ওঝা।মহানগৰীৰ ভেটাপাৰাত ডিঙি কটা অৱস্থাত উদ্ধাৰ হয় কন্দৰ্পৰ মৃতদেহ। বৰ্তমান GMCHৰ মৰ্গত ৰখা হৈছে কন্দৰ্পৰ মৃতদেহটো।আনহাতে কন্দৰ্পৰ পিতৃয়ে দাবী কৰে যে তেওঁৰ পুত্ৰই কোঠাৰ ভিতৰত ডিঙি কাটি আত্মহত্যা কৰে। অৱশ্যে তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে পোহৰলৈ আহিব মৃত্যু কাৰণ।আচলতে এয়া হত্যা নে আত্মহত্যা?এতিয়াও পোহৰলৈ অহা নাই