Local, Vocal, Global

দেৰগাঁও চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা…

ডিজিটেল ডেস্ক:- বৃহস্পতিবাৰে নিশা দেৰগাঁও চাৰিআলিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনা থিতাতে নিহত এজন।জানিব পৰা মতে, ব্যক্তি জনে দেৰগাঁও চাৰিআলিত পথ অতিক্ৰম কৰিব খোজোতেই যোৰহাটৰ দিশেৰে গৈ থকা এখন As 01EK2084 নম্বৰৰ তীব্ৰবেগী ইন’ভা গাড়ীয়ে মহতিয়াই নিয়ে। যাৰ ফলত লোকজনৰ থিতাতে মৃত্যু হয়।নিহত লোকজন নগাঁৱৰ নৃপেন শইকীয়া বুলি জানিব পৰা গৈছে।ঘটনা সংঘটিত হোৱাৰ পিছতে দেৰগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধা কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।ঘটনা সংঘটিত কৰিয়েই ইন’ভা বাহনখন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।পলায়ন কৰা গাড়ী খনৰ সন্ধান এইমুহুৰ্তলৈকে উলিয়াব পৰা নাই আৰক্ষীয়ে।
উল্লেখ্য যে, ঘটনা সংঘটিত কৰি পলায়ন কৰা বাহনখনৰ সন্মুখ ভাগ ভাগি ঘটনাস্থলীতে নম্বৰ প্লেট পৰি যোৱা বাবে তদন্তত সহায় বুলি কয় আৰক্ষীয়ে।