Local, Vocal, Global

ঘিলাধাৰী নদীত সন্ধানহীন হোৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক, ৯ আগষ্ট : সোমবাৰে অসমৰ বিশ্বনাথ জিলাৰ ঘিলাধাৰী নদীত ( Ghiladhari river) এখন নাও ডুবি যোৱাৰ ফলত সন্ধানহীন হোৱা এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ।

মৃত মহিলাগৰাকী দীপাঞ্জলি কেওট বুলি চিনাক্ত কৰা হৈছে।

অৱশ্যে, আন এগৰাকী মহিলাও ডুবি যোৱাৰ আশংকা কৰা হৈছে আৰু তেওঁক বিচাৰি উলিওৱাৰ বাবে অভিযান অব্যাহত ৰাখিছে।

খবৰ অনুসৰি, নাওখনত প্ৰায় ছয়গৰাকী মহিলাই যাত্ৰা কৰি থকা অৱস্থাত নদীৰ মাজত ডুবি গৈছিল। সন্দেহ কৰা অনুসৰি অভাৰলোডিংৰ বাবে নাওখন ডুবি গৈছিল।

উল্লেখ্য যে, আটাইকেইগৰাকী মহিলা মুখগড় (Mukhgarh) অঞ্চলৰ আছিল আৰু খেতিৰ কামৰ বাবে ঘিলাধাৰী নদী পাৰ হৈছিল। ঘটনাটো সংঘটিত হোৱাৰ সময়ত তেওঁলোকে নাওখনত তেওঁলোকৰ ঘৰলৈ উভতি আহিছিল।

ঘটনাটোৰ পিছত, নাৱৰীয়াজনে স্থানীয় লোকৰ সৈতে চাৰিগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উদ্ধাৰ কৰা মহিলাসকলক পিছত চিকিৎসাৰ বাবে ততাতৈয়াকৈ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছিল।