Local, Vocal, Global

Poor conditions of roads:কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিৰ পথৰ দুৰৱস্থা !

দেৰগাঁও,৫ডিচেম্বৰ : গোলাঘাট জিলাৰ বোকাখাট বিধান সভা সমষ্টি কৃষি মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টি মহুৰামুখৰ গুটুং মহৰিচুক অঞ্চলৰ পথ পকীকৰণ আৰু গেলাবিল নদীৰ গড়াখহনীয়া সমস্যাৰ সমাধান দাবী(Poor conditions of roads) !

বৰ্তমানৰ শাসনাধিষ্ট চৰকাৰখনে প্ৰতি মূহুৰ্তত বিকাশ আৰু উন্নয়নৰ কথা কৈ ফুলজাৰি মাৰি থকা সময়তে বৃহত্তৰ মহুৰামুখ অঞ্চলটোত দেখা পোৱা গৈছে এক বিপৰীত প্ৰতিছবি।

এই অঞ্চলটোত বৰ্তমান সময়ত বাট পথৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। ইয়াৰ অন্যতম উদাহৰণ গুটুং মহৰিচুক অঞ্চলৰ পথটো।

আজি বছৰ বছৰ ধৰি এই অঞ্চলটোৰ ৰাইজে এই জৰাজীৰ্ণ পথটোৰে যাতায়তৰ ক্ষেত্ৰত জীয়াতু ভূগিবলগীয়া হৈ আহিছে। বিশেষকৈ বানপানীৰ সময়ছোৱাত এই অঞ্চলটোৰ ৰাইজৰ নৌকা যাত্ৰাৰ বিকল্প নাথাকে। যাৰ ফলস্বৰূপে জৰুৰীকালীন সেৱাৰ পৰাও বিভিন্ন সময়ত বঞ্চিত হৈ আহিব লগীয়া হৈছে। ইয়াৰ সমান্তৰাল ভাৱে গেলাবিল নদীৰ গড়াখহনীয়াই সমস্যা আৰু অধিক জটিল কৰি পেলাইছে।

স্থানীয় ৰাইজে উক্ত সমস্যা সন্দৰ্ভত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক বহু বাৰ আবেদন কৰি আহিছে যদিও প্ৰতিশ্ৰুতিৰ বাহিৰে সমস্যা সমাধানৰ কোনো বাট বিচাৰি পাবলৈ সক্ষম নহ’ল।

আজি মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাই সমগ্ৰ বিষয়টো পৰ্যবেক্ষণ কৰিছোঁ আৰু অতিশীঘ্ৰে এই অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ্থে পথটো পকীকৰণ কৰাৰ লগতে বিজ্ঞানসন্মত ভাৱে গেলাবিল নদীৰ গড়াখহনীয়া সমস্যাৰ সমাধানৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই।

অন্যথা মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাই স্থানীয় ৰাইজক লগত লৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হব বুলি সংবাদ মাধ্যমক অগৱত কৰে!অগন্তুক পঞ্চায়ত নিৰ্বাচনৰ আগত যদি ৰাস্তা আৰু গডা খহনীয়া সমস্যা সমাধান নকৰিলে গাঁৱৰ ৰাইজে ভোট ৰ্বজন কৰা কথা উল্লেখ কৰে!

লগতে পঢ়ক :ONGC Drivers in Nazira Goes on Indefinite Strike: নাজিৰাত অ’ এন জি চিৰ গাড়ী চালকৰ অনিৰ্দিষ্টকাললৈ কৰ্ম বিৰতি