Local, Vocal, Global

BMW Incident In Mumbai : BMW ঘটনা সন্দৰ্ভত সাংসদ গৌৰৱ গগৈৰ সমালোচনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক

নিউজ ডেস্ক, ১০ জুলাই :  যোৱা ৭ জুলাইত মুম্বাইৰ ৱৰ্লিত ৪৫ বছৰীয়া এগৰাকী মহিলাক বিএমডব্লিউ গাড়ীৰে দুৰ্ঘটনা সংঘটিত কৰা ঘটনা সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কেৱল দুৰ্বল লোকৰ ঘৰত হে বুলডজাৰ ব্যৱহাৰ বুলি সমালোচনা কৰে অসম কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। (Gaurav Gogoi Criticizes PM Modi After BMW Incident In Mumbai) ৭ জুলাইৰ পুৱা ৱৰ্লিৰ এনি বেছাণ্ট ৰোডত এখন বিএমডব্লিউ গাড়ীয়ে স্কুটাৰত থকা এহাল দম্পতীক খুন্দা মাৰে। এই ঘটনাত কাবেৰী নখৱা নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ বিপৰীতে তেওঁৰ স্বামী প্ৰদীপ আঘাতপ্ৰাপ্ত হয়। মৃত কাৱেৰীৰ নখাৱাৰ স্বামী প্ৰদীপ লীলাধৰ নখাৱাই প্ৰকাশ কৰা অনুসৰি, “দুখীয়াৰ বাবে কোনো নাই। প্ৰদীপ আৰু কাবেৰী নখৱাই মাছ কিনি ঘৰলৈ উভতি আহি থকা অৱস্থাত সংঘটিত হয় এই ঘটনা। শিৱসেনাৰ নেতাৰ পুত্ৰ মিহিৰ শ্বাহে নিজৰ বিএমডব্লিউ গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই দম্পতীহালৰ দুচকীয়া বাহনত খুন্দা মৰাৰ অভিযোগ তুলে প্ৰদীপ নখাৱায়। প্ৰদীপে কয় যে তেওঁ আৰু তেওঁৰ পত্নী দুয়োজনেই গাড়ীৰ খুন্দাত মাটিত পৰি যায়। কাষলৈ পৰি থকাৰ সময়তে কাবেৰী চকাৰ তলত সোমাই যোৱাৰ ফলত কাৱেৰীৰ মৃত্যু হয়।

ড্ৰাইভাৰক গাড়ী ৰখাবলৈ অনুৰোধ কৰাৰ পিছতো শ্বাহে বেগেৰে গুচি যায়। চালকজনৰ এই কাৰ্যক সমালোচনা কৰি প্ৰদীপ লীলাধৰ নখৱাই কয়, “তেওঁ মানুহ নে জন্তু? কোনো জন্তুৰ লগত এই কাম কোনেও নকৰে। ড্ৰাইভাৰে গাড়ী চলাই নিয়াৰ সময়ত মোৰ পত্নীয়ে চিঞৰি আছিল… সি পলাই নোযোৱা হ’লে মোৰ পত্নী জীয়াই থাকিলহেঁতেন।” মদ্যপান কৰি থকা মিহিৰ শ্বাহক তিনিদিন পিছত ৯ জুলাইত গ্ৰেপ্তাৰ কৰা হয়। চিচিটিভিৰ ফুটেজত প্ৰকাশ পাইছে যে বিএমডব্লিউ গাড়ীখন ৰৈ যোৱাৰ পূৰ্বে মহিলাগৰাকীক ১.৫ কিলোমিটাৰ টানি নিয়া হৈছিল।

ফুটেজত শ্বাহে নিজৰ চালকৰ সৈতে আসন সলনি কৰি গাড়ীৰ তলৰ পৰা মহিলাগৰাকীৰ মৃতদেহ উলিয়াই ৰাস্তাত এৰি দিয়াৰ কথাও প্ৰকাশ পাইছে। প্ৰদীপ লীলাধৰ নখৱাই পিটিআইৰ আগত নিজৰ হতাশা প্ৰকাশ কৰি কয়, ‘মই তেওঁক গাড়ী ৰখাবলৈ ক’লোঁ, তথাপিও তেওঁ ৰৈ নাথাকিল; তেওঁ পলাই গ’ল। তাই বহুত কষ্ট পাইছিল। এই কথা সকলোৱে জানে কিন্তু কোনেও একো কৰা নাই। দুখীয়াৰ বাবে কোনো নাই।”

লগতে পঢ়কঃ Cylinder-Laden Truck Crashes: বাচনাঘাটৰ ফৰেষ্ট গেটত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা