Blood donation program in Shivasagar : শিৱসাগৰত ৰক্তদান কাৰ্যসূচী ৰূপায়ন
২৪ জানুৱাৰী ২০২৫, শিৱসাগৰ : ৰক্তদান মহান দান।এই বাণীক শিৰোগত কৰি সৰ্বভাৰতীয় ঔষধ ব্যৱসায়ী সন্থাই সৰ্বভাৰতীয় পৰ্যায়ত আয়োজন কৰিছে এক ৰক্তদান কাৰ্যসূচী।সমান্তৰালভাৱে শিৱসাগৰতো এই ৰক্তদান কাৰ্যসূচী ৰূপায়ন কৰা দেখিবলৈ পোৱা গৈছে।অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন অৱ কেমিষ্ট এণ্ড ড্ৰাগিষ্টৰ ৫০ বছৰ পূৰ্তি উপলক্ষে ৭৫০০০ ইউনিট ৰক্তদানৰ লক্ষ্যৰে এক বিশ্ব ৰেকৰ্ডৰ পৰিকল্পনা কৰা হৈছে আৰু ইয়াৰ অংশস্বৰূপে ৰাজ্যখনৰ লগতে শিৱসাগৰৰ জয়দয়াল খেমকা মাতৃ সেৱা সদনতো পুৱাৰেপৰা চলি আছে ৰক্তদান শিৱিৰ।