Local, Vocal, Global

আচলতে কি হয় ব্লেক ফাংগছ

আচলতে কি হয় ব্লেক ফাংগছ :  MY NEWS NEৰ এক বিশেষ প্ৰতিবেদন

ক’ৰণাৰ পিছত এইবাৰ ”ব্লেক ফাংগাছ” : ব্লেক ফাংগাছ কি সেই সম্পৰ্কে অতি চমুকৈ কিছু কথা

ব্লেক ফাংগাছ (Black fungus)  কি?

বৰ্তমান সময়ত এই বিষয়ে জনাটো খুবেই জৰুৰী হৈ পৰিছে কাৰণ দেশত দেখা গৈছে এই ব্লেক ফাংগাছ ৰোগত আক্ৰন্ত ৰোগী ৷ ব্লেক ফাংগাছ বা মিউকৰ্মাইকোচিছ, যাক ক’লা ভেঁকুৰ বুলিও কোৱা হয়৷ এই ভেঁকুৰ একপ্ৰকাৰ বিৰল আৰু সংক্ৰমণৰ ক্ষেত্ৰত যথেষ্ট বিপদজনক বুলি চিকিৎসা বিজ্ঞানী মহ’লে মত প্ৰকাশ কৰিছে। এই ফাংগাছে স্বাভাৱিকতে মানৱ জাতিৰ দেহত চাইনাচ্,  হাঁওফাঁও, ছাল আৰু মগজুত বাৰুকৈ প্ৰভাৱ বিস্তাৰ কৰা দেখা যায় ৷ স্বাভাৱিকতেই,  এই বীজাণুবোৰ উশাহৰ মাধ্যমৰে দেহৰ ভিতৰলৈ প্ৰৱেশ ঘটিব পাৰে৷ তাৰোপৰি, ভূমিখণ্ডৰ কোনো পচা সা-সমগ্ৰীৰ উৎপাদনৰ সংস্পৰ্শৰ যোগেদি প্ৰৱেশ ঘটিব পাৰে দেহলৈ ৷ ইমানেই নহয়, পুৰণি পিঠা-পনা গ্ৰহণৰ মাধ্যম দি দেহত প্ৰৱেশ ঘটিব পৰা সম্ভাৱনা যথেষ্ট ৷ আনকি,খেতিয়ক সমাজে কৃষি কাৰ্যৰ বাবে ব্যৱহাৰ কৰা পচন সাৰৰ স্তূপৰ দৰে আনকোনো স্থানৰ সংস্পৰ্শলৈ আহিলেও সংক্ৰমণ ঘটিব পাৰে এই ব্লেক ফাংগাছৰ বীজানু। মনকৰিবলীয়া বিষয়টো হ’ল, এই বিৰল ফাংগাছ অৰ্থাৎ ভেঁকুৰৰ স্বীকাৰ হ’ব পাৰে  যিকোনো বয়সৰ লোক ৷ এনে নহয় যে,শিশু সকল হে’ আক্ৰান্ত কৰিব এই ব্লেক ফাংগাছে৷ সাধাৰণতে, দৈনন্দিন জীৱনৰ কাম-কাজ সম্পাদন কৰাৰ সময়ত  সৰহ সংখ্যক লোকেই অহা-যোৱা কৰাৰ পৰা  উঠা-বহা কৰাৰ সমযত বিভিন্ন ভেঁকুৰৰ সংস্পৰ্শলৈ আহে৷ কিন্তু; আমি সেই ভেঁকুৰৰ দৰে ব্লেক ভেঁকুৰ বুলি গণ্য কৰিলে ভুল কৰা হ’ব ৷ মনত ৰাখিব, যদি আপুনি গ্ৰহণ কোনো জটিল ৰোগত আক্ৰান্ত হৈ দৰব গ্ৰহণ কৰি আছে তেনেহ’লে আপুনি বুজিব লাগিব যে আপোনাৰ এন্টিব’ডি কিছু দুৰ্বল ৷ যিহেতু দেহাৰ প্ৰতিৰোধ প্ৰণালী দুৰ্বল হৈ আছে সেয়ে আপুনি এই বীজানুৰ পৰা হাত সাৰি থাকিৱলৈ হ’লে ,অধিক সতৰ্কতা অৱলম্বন কৰি চলাচল কৰাটো জৰুৰী৷