BJP worker murdered by Maoists in Chhattisgarh : মন্দিৰত উপাসনাৰ বাবে যোৱাৰ সময়ত বিজেপি নেতাক আক্ৰমণ মাওবাদীৰ

নেশ্যনেল ডেস্ক, ৯ ডিচেম্বৰ : পুনৰ মাওবাদীৰ আক্ৰমণ । এইবাৰ মাওবাদীৰ হাতত প্ৰাণ গ’ল বিজেপি নেতাৰ(BJP worker murdered by Maoists) ।
ছত্তীশগড়ত সংঘটিত হৈছে এই ঘটনাৰ । ছত্তীশগড়ত অব্যাহত আছে মাওবাদীৰ আক্ৰমণ । মন্দিৰত উপাসনাৰ বাবে যোৱাৰ সময়তে বিজেপি নেতাক আক্ৰমণ কৰে মাওবাদীয়ে ।
উল্লেখ্য যে, নাৰায়ণপুৰৰ ছোটেডংগাৰৰ এটা মন্দিৰত উপাসনাৰ বাবে যোৱাৰ সময়তে মাওবাদীয়ে বিজেপি নেতাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । আক্ৰমণত নিহত হয় বিজেপি নেতাগৰাকী । জানিব পৰা মতে নিহত বিজেপি নেতাগৰাকী কোমল মাঁঝি(BJP worker murdered by Maoists in Chhattisgarh) ।
প্ৰাপ্ত তথ্য় অনুসৰি বিজেপি নেতা কোমল মাঁঝিয়ে নাৰায়ণপুৰৰ ছোটেডংগাৰৰ শীতলা মন্দিৰলৈ উপাসনাৰ বাবে গৈ আছিল । সেই সময়তে মাওবাদীয়ে বিজেপি নেতাক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে । দিন দুপৰতে বিজেপি নেতা গৰাকীক আক্ৰমণক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । আৰক্ষীয়ে জনোৱা মতে, ঘটনাটো পুৱা প্ৰায় ১০.৩০ বজাত সংঘটিত হৈছিল ।
সূত্ৰৰ মতে ইয়াৰ পূৰ্বেও মাওবাদীয়ে বিজেপি জিলাৰ উপ-সভাপতি সাগৰ চাহু আৰু ৰতন ডুবেক হত্যা কৰিছিল । সেই সময়ত মাওবাদীয়ে বিজেপি নেতা কোমল মাঁঝিক আমদাই খনিক লৈ সকীয়াই দিছিল ।
সূত্ৰৰ মতে, মাওবাদীয়ে ইয়াৰ পূৰ্বে কেইবাবাৰো কোমল মাঁঝিক হত্যাৰ ভাবুকি দিছিল । ভাবুকিৰ পাচত কোমল মাঁঝিক আৰক্ষীয়ে নিৰাপত্তাও প্ৰদান কৰিছিল । কিন্তু কোমল মাঁঝিয়ে সুৰক্ষা গ্ৰহণৰ বাবে অস্বীকাৰ কৰিছিল ।
বিগত এমাহৰ ভিতৰত দিনৰ পোহৰত মাওবাদীৰ দ্বাৰা হত্যাৰ এইটো তৃতীয় ঘটনা ।
লগতে পঢ়ক : 13 arrested as NIA raids over 44 locations : ISISৰ সন্ত্ৰাসবাদী ষড়যন্ত্ৰৰ গোচৰত ১৩ জনক গ্ৰেপ্তাৰ NIAৰ