Local, Vocal, Global

পশ্চিমবংগৰ পূৱ মেদিনীপুৰত বিজেপি কৰ্মীক হত্যা

পশ্চিমবংগৰ পূৱ মেদিনীপুৰ জিলাৰ ভগৱানপুৰত শনিবাৰে  এজন বিজেপি কৰ্মীক প্ৰহাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। তৃণমূল কংগ্ৰেছৰ এজন সমৰ্থকে বিজেপি কৰ্মীজনক হত্যা কৰা বুলি ভাৰতীয় জনতা পাৰ্টীয়ে অভিযোগ উত্থাপন কৰে। বিজেপি কৰ্মীজনৰ নাম ভাস্কৰ বৰা। ভাস্কৰ বৰাক পূৱ মেদিনীপুৰ জিলাৰ ভগৱানপুৰৰ এটা নিৰ্জন স্থানলৈ মাতি নি হত্যা কৰা হৈছিল বুলি বিজেপি কৰ্মীসকলে কয়। ইয়াৰ বিপৰীতে তৃণমূল কংগ্ৰেছে এই অভিযোগ অস্বীকাৰ কৰে। ইফালে পূৱ মেদিনীপুৰৰ আৰক্ষী অধিক্ষক অমৰনাথ কেই কয় যে-” আমি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছো। এই মুহুৰ্তত বেছি বিৱৰণ প্ৰকাশ কৰিব নোৱাৰি। আমি অঞ্চলটোত আৰক্ষী কৰ্মীৰ সংখ্যাও বৃদ্ধি কৰিছো”। ইয়াৰোপৰি বিজেপি কৰ্মীসকলে মত প্ৰকাশ কৰে যে এই মাহৰ আৰম্ভণিতে অঞ্চলটোত আন এজন দলীয় কৰ্মীক হত্যা কৰাৰ পিছতেই ভাস্কৰ বেৰাকো হত্যা কৰা হয়।