Local, Vocal, Global

BJP leader suspicious dead: এক নৃশংস হত্যাৰ বলি হ’ল বিজেপি কৰ্মী

গোৱালপাৰা, ১২জুন : হিংসা , হত্যা, ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবখিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা । বেটি পঢ়াও, বেটি বচাও শ্লোগান দিয়া চৰকাৰখনে নিৰাপত্তা দিয়াত ব্যৰ্থ হৈছে দেশৰ মহিলা , যুৱতীক । নাৰী হৈ জন্ম হোৱাতোৱেই যেন বৰ্তমান সময়ত দুৰ্বলতা । এইবাৰ গোৱালপাৰাত সংঘটিত হৈছে এনে এক ঘটনা । শাসনাধীন চৰকাৰখনৰে এগৰাকী নেত্ৰী নৃশংতাৰ বলি হ’ল গোৱালপাৰাত।

ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা, হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড। এক নৃশংস হত্যাৰ বলি হল বিজেপি কৰ্মী জোনালী নাথ। দেওবাৰে নিশা কৃষ্ণাইৰ শালপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ হয় মৃতদেহ । গোৱালপাৰা জিলাৰ সক্ৰিয় বিজেপি কৰ্মী জোনালী নাথৰ মৃতদেহ কৃষ্ণাইৰ শালপাৰাৰ 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে(BJP leader suspicious dead)।

স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰে মতে, কোনো দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰি পেলাই থৈ যায়। স্থানীয় লোকে ঘটনা সন্দৰ্ভত গোৱালপাৰা আৰক্ষীক অৱগত কৰে তাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় গোৱালপাৰা আৰক্ষী।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ জোনালী নাথৰ মৃতদেহ উদ্ধাৰ কৰি কৃষ্ণাই থানালৈ লৈ যায় ।আৰু পৰৱৰ্তী সময়ত মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ গোৱালপাৰাৰ অসামৰিক চিকিসালয়লৈ প্ৰেৰণ কৰে(BJP leader suspicious dead)।

উল্লেখ্য যে এই পৰ্যন্ত তেওঁক কোনে হত্যা কৰি পেলাই থৈ গ’ল সেই বিষয়ে জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্তৰ অন্তত হে সবিশেষ জানিব পৰা যাব। কিন্তু তেওঁক ধৰ্ষণ কৰি হত্যা কৰাৰ যি সন্দেহৰ সৃষ্টি প্ৰকাশ হৈছে, সেই বিষয়টোৱে তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। জিলা বিজেপি নেতৃত্বই এই ঘটনাৰ সন্দৰ্ভত সঠিক তদন্ত কৰি দোষীক কঠোৰ শাস্তিৰ দাবী জনাইছে।

বাতৰি অনুসৰি, দেওবাৰে বিয়লি মাটিয়াৰ ঘৰৰ পৰা ওলাই যোৱাৰ পিছত মাটিয়াৰ ওচৰেৰে এখন বজাৰত জোনালী নাথক স্থানীয় লোকে দেখা পাইছিল। কিন্তু নিশা তেওঁৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সকলোকে স্তম্ভিত কৰি তুলিছে।ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।

লগতে পঢ়ক : Patient unsafe care in hospital : ধিঙৰ চিকিৎসালয়ত নাভূত-নাশ্ৰত কাণ্ড