BJP leader Phanindra Nath Sharma to Haryana : ফণীন্দ্ৰ নাথ শৰ্মা হাৰিয়ানালৈ ৰাওনা, বিজেপি কাৰ্যালয়ত আবেগিক পৰিৱেশ
![](https://mynewsne.com/wp-content/uploads/2023/07/GKJG-750x430.jpg)
নিউজ ডেস্ক, ৩১ জুলাই : বিজেপি ৰাজ্যিক কাৰ্যালয়ত আৱেগিক পৰিৱেশ(BJP leader Phanindra Nath Sharma to Haryana0 । হাৰিয়ানালৈ বুলি ৰাওনা হ’ল সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা । প্ৰায় ২০ বছৰ ধৰি অসম বিজেপিৰ সৈতে একাত্ম হৈ আছিল শৰ্মা । হাৰিয়ানালৈ যোৱাৰ পূৰ্বে ফণীন্দ্ৰ শৰ্মাক আনুষ্ঠানিক বিদায় জনালে বিজেপি কাৰ্যকৰ্তাই।
চকুত চকুপানী লৈ হাৰিয়ানামুখী যাত্ৰা ফণী শৰ্মাৰ । মুন স্বৰ্ণকাৰে ৰাখি বন্ধনেৰে বিদায় দিলে শৰ্মাক। ফণীন্দ্ৰ শৰ্মাই বিজেপি ৰাজ্যিক কাৰ্য্যালয়ৰ পৰা পোনে পোনে ৰাওনা হয় বিমানবন্দৰলৈ ।
উল্লেখ্য অসম বিজেপিত কৰা হৈছিল বৃহৎ সালসলনি। অসম বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি দিয়া হৈছিল ফণীন্দ্ৰ নাথ শৰ্মা । ফণীন্দ্ৰ নাথ শৰ্মাৰ স্থানত নিযুক্তি দিয়া হৈছে জি আৰ ৰবীন্দ্ৰ ৰাজুক(GR Ravindra Rajuk)। ফণীন্দ্ৰ নাথ শৰ্মাক হাৰিয়ানাৰ সাংগঠনিক সাধাৰণ সম্পাদকৰ দায়িত্ব প্ৰদান কৰা হৈছে । জি আৰ ৰবীন্দ্ৰ ৰাজুক অসমৰ লগতে ত্ৰিপুৰাৰ দায়িত্ব প্ৰদান কৰা হৈছে ।
উল্লেখযোগ্য যে শেহতীয়াকৈ বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই দলটোৰ অসমৰ সাংগঠনিক দায়িত্বত থকা ফনী শৰ্মাক আঁতৰোৱাই ৰাজ্যৰ ৰাজনীতিত বিশেষ তাৎপৰ্য বহন কৰিছিল । যোৱা বিধানসভা আৰু লোকসভা নিৰ্বাচনত প্ৰাৰ্থী নিৰ্বাচনকে কেন্দ্ৰ ধৰি বিজেপি চৰকাৰ গঠনত বিশেষ ভূমিকা আছিল শৰ্মাৰ।
লগতে পঢ়ক : Medicine price hike : পুনৰ বাঢ়িল জীৱনদায়িনী ঔষধৰ দাম, এইবাৰ ২০ শতাংশ বৃদ্ধি ঔষধৰ মূল্য