Local, Vocal, Global

BJP government’s oath taking in Odisha shifts to June 12 : ওড়িশাত বুধবাৰে বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্রীয়ে শপতগ্রহণ কৰাৰ সম্ভাৱনা

নেশ্যনেল ডেস্ক,১০জুন : ওড়িশাত বুধবাৰে বিজেপিৰ প্ৰথমগৰাকী মুখ্যমন্ত্রীয়ে শপতগ্রহণ কৰাৰ সম্ভাৱনা। ৰাজ্যখনত সোমবাৰে এই শপতগ্রহণ অনুষ্ঠান হোৱাৰ কথা আছিল যদিও মুখ্যমন্ত্রী নির্বাচন চূড়ান্ত নোহোৱাত এই অনুষ্ঠান বুধবাৰলৈ পিছুৱাই দিয়া হৈছে(BJP government’s oath taking in Odisha shifts to June 12)।

জানিব পৰা মতে, কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিং আৰু ভূপেন্দৰ যাদৱক ওড়িশাৰ বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ ক্ষেত্ৰত কেন্দ্রীয় পর্যবেক্ষক হিচাপে নিযুক্তি দিছে ভাৰতীয় জনতা পার্টীয়ে।

সংসদীয় ব’র্ডে কেন্দ্রীয় মন্ত্রী ৰাজনাথ সিং আৰু ভূপেন্দৰ যাদৱক দুগৰাকীক ওড়িশা বিধায়িনী দলৰ নেতা নিৰ্বাচন কৰাৰ সকলো দিশ পর্যবেক্ষণ কৰাৰ দায়িত্ব অর্পণ কৰিছে।

উল্লেখ্য যে, বিজেপিয়ে ওড়িশাৰ বিধানসভা নির্বাচনত মুঠ ১৪৭খন আসনৰ ভিতৰত ৭৮ খনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছিল। আনহাতে বি জে ডিয়ে ৫১ খন, কংগ্ৰেছে ১৪খন আৰু অন্যান্য দলে ৪খন আসন লাভ কৰে।

লগতে পঢ়ক : Heroin seized in Mizoram : মিজোৰামত নিষিদ্ধ ড্ৰাগছ আৰু বিদেশী চিগাৰেটৰ বিৰুদ্ধে অভিযান‌;অভিযানত জব্দ হেৰ’ইন ভৰ্তি ৪০টা চাবোনৰ বাকচ