WATCH | Biswanath News : বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ৰক্তদাতা সকলক সম্বৰ্ধনা
বিশ্বনাথ,২১জুন : ৰক্তদান মহান দান” । ৰক্তদান কৰি আনক জীৱন প্ৰদান কৰা প্ৰতিগৰাকী ৰক্তদাতাই আৰ্তজনৰ বাবে প্রয়োজন হোৱা ৰক্তদান কৰি এক সুস্থ সমাজ গঢ়াত সহায় কৰে। বিশ্ব ৰক্তদাতা দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ৰ সভাকক্ষত চিকিৎসালয়ৰ ৰক্ত কেন্দ্ৰৰ উদ্যোগত এখনি সম্বৰ্দ্ধনা সভাৰ আয়োজন কৰা হয়(Biswanath News)।
এই কাৰ্যসূচীৰ জৰিয়তে এখন সজাগতা সভা অনুষ্ঠিত কৰি ৬ গৰাকী ৰক্তদাতা সকলক অসমীয়া ফুলাম গামোচা, শৰাই, প্ৰশংসা পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে। বিশ্বনাথ জিলা স্বাস্থ্য যুটীয়া সঞ্চালক ড° যোগেন চন্দ্ৰ বে, বিশ্বনাথ চাৰিআলিৰ পৌৰপতি অমৰজ্যোতি বৰঠাকুৰ, লগতে জিলা স্বাস্থ্য বিভাগৰ বিষয়া সকল,বিভিন্ন জাতীয় সংগঠনৰ বিষয়ববীয়া সকল, ৰক্তদাতা সকল উপস্থিত থাকে।
লগতে পঢ়ক : WATCH | Heated situation : মুখ্যমন্ত্ৰীৰ সমষ্টি শিঙিমাৰীত উত্তপ্ত পৰিস্থিতি