WATCH | Baihata Chariali News : বাইহাটা চাৰিআলিত ৰাজপথলৈ ওলাই আহিল ছাত্ৰ সন্থাৰ কৰ্মী

বাইহাটা চাৰিআলি,২১জুন : বাইহাটা চাৰিআলিত ৰাজপথলৈ ওলাই আহিল ছাত্ৰ সন্থাৰ কৰ্মী । বাইহাটা চাৰিআলি গোৰেশ্বৰ পথত নলাৰ নিৰ্মানকাৰ্য লেহেমীয়া হোৱাৰ বাবে বৃহত্তৰ বাইহাটা চাৰিআলি উন্নয়ণ সমিতি আৰু বাইহাটা চাৰিআলি ব্যৱসায়ী সন্থাৰ সহযোগত পূবকামৰূপ ছাত্ৰ সন্থাই সাব্যস্ত কৰে এই প্ৰতিবাদ(Baihata Chariali) ।
নলা নিৰ্মানৰ কাম লেহেমীয়া হোৱাৰ বাবে বিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে সৰ্বসাধাৰণ জনতাই জীয়াতু ভূগীবলগীয়া হৈছে । লগতে বহু ব্যৱসায়ীয়ে নলা নিৰ্মানৰ কাম কৰাৰ অজুহাতত বহু ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি দিয়াৰ ফলত এতিয়াও সেই ব্যৱসায়ী সকলে নিজৰ প্ৰতিষ্ঠান এতিয়াও নতুনকৈ বনাই লব নোৱাৰৰ বাবে বেকাৰ জীৱন কটাব লগীয়া হৈছে । সেয়ে অতি শীঘ্ৰে নলা নিৰ্মানৰ কাম সমাপন কৰাৰ দাবী জনাই প্ৰতিবাদৰ জড়িয়তে ।
লগতে পঢ়ক :WATCH | Biswanath News : বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়ত ৰক্তদাতা সকলক সম্বৰ্ধনা