Local, Vocal, Global

Bir Lachit Sena leader detained: ৰাজপথত দাদাগিৰি দেখুওৱাই আটক বীৰ লাচিত সেনাৰ নেতা

যোৰহাট,২০জানুৱাৰী : ৰাজপথত বীৰত্ব প্ৰদৰ্শন বীৰ লাচিত সেনাৰ।

ৰাজপথত দাদাগিৰি দেখুওৱাই আটক বীৰ লাচিত সেনাৰ নেতা ।

যোৰহাট আৰক্ষীয়ে আটক কৰিছে ঋতু ফুকন নামৰ বীৰ লাচিত সেনাৰ নেতাক। বীৰ লাচিত সেনাৰ যোৰহাট আঞ্চলিকৰ সাধাৰণ সম্পাদক ফুকন।

ৰাজপথত বীৰত্ব প্ৰদৰ্শন কৰি উপৰ্যুপৰি প্ৰহাৰ কৰিছিল যুৱতীক। শনিবাৰে নিশা যোৰহাট নগৰ মাজমজিয়াৰ নিৰ্মল চাৰিআলিৰ সমীপত সংঘটিত হৈছিল এই ঘটনাটো।

জানিব পৰা মতে, পথৰ ওপৰতে এজন যুৱকে প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হৈছিল যুৱতীৰ সৈতে পিছত যুৱতী গৰাকীক মাৰপিট কৰে । যুৱতীগৰাকীক মাৰপিত কৰি থকাৰ সময়ত ৰক্ষা কৰিবলৈ আগবাঢ়ি যোৱা এজন লোকক এটা সংগঠনৰ একাংশ সদস্যৰ ৰোষত পৰিব লগা হয় । কাৰণ যুৱতীগৰাকীক মাৰপিট কৰা যুৱকজন আছিল এটা জাতীয় সংগঠনটোৰ বিষয়ববীয়া(Bir Lachit Sena leader detained)।

উক্ত পাণ দোকানীজনক আনকি আৰক্ষীৰ দ্বাৰা থানালৈ নি বহুৱাই থোৱা হয় আৰু পিছত এই লোকজনেহে ক্ষমা খুজিব লগা হয় তেওঁ যুৱতীগৰাকীক সহায় কৰিবলৈ যোৱা বাবে।

এই ঘটনাৰ পিছতে ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ ।

লগতে পঢ়ক :Sensational incident: আকাশ চৌধুৰীৰ মৃত্যু সন্দৰ্ভত আৰু এজনক গ্ৰেপ্তাৰ