Local, Vocal, Global

Watch | Bilasipara news: বিলাসীপাৰাত আদানী গ্ৰুপে তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে ভূমি পৰ্যবেক্ষণৰ পিছতেই উচ্ছেদৰ জাননী জাৰী প্ৰশাসনৰ


বিলাসীপাৰা: বিলাসীপাৰাত আদানী গ্ৰুপে তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে ভূমি পৰ্যবেক্ষণ কৰাৰ পিছতেই উচ্ছেদৰ জাননী জাৰী কৰিছে প্ৰশাসনে। উল্লেখ্য যে- বিনিয়োগৰ বৃহৎ সম্ভাৱনা লৈ মঙ্গলবাৰে বিলাসীপাৰাত উপস্থিতিত হৈছিল আদানী গ্ৰুপৰ পৰিচালক জিৎ আদানী সহ এটি বিশেষ দল।

তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে বিলাসীপাৰা সমজিলাৰ চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটা আদি অঞ্চলত কৰিছিল ভূমি পৰ্যবেক্ষণ। অঞ্চল কেইখনৰ ৩ হাজাৰ ৫০০ বিঘা ভূমিত তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ দিশে আগবাঢ়িছে আদানী গ্ৰুপে। ইয়াৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অঞ্চল কেইখনৰ হাজাৰ হাজাৰ পৰিয়ালৰ মাজত। প্ৰশাসনে উচ্ছেদৰ জাননী জাৰী কৰাৰ পিছতই আতংক আৰু চিন্তাত দিশহাৰা হৈছে চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটা আদি অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়াল।
উচ্ছেদৰ বাবে জাননী জাৰী কৰা অঞ্চল পৰিদৰ্শন কৰে গোলকগঞ্জৰ বিধায়ক আব্দুছ ছোবাহান সৰকাৰ আৰু প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অমৃত বাদশাই। উক্ত অঞ্চল পৰিদৰ্শন কৰি কংগ্ৰেছী নেতা দুগৰাকীয়ে কয় যে- ‘প্ৰয়োজনত এই ঘটনাকলৈ আইনৰ কাষ চাপিৱ লাগিব’।