WATCH | Bilasipara News : ‘ৱাকফৰ লগত হিন্দু-মুছলমান জড়িত নহয়’- সাংসদ ৰকিবুল হুছেইন
নিউজ ডেস্ক,৭এপ্ৰিল : ৰাজ্যত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে প্ৰতিটো ৰাজনৈতিক দল তৎপৰ হৈ পৰিছে। পঞ্চায়ত দখলৰ ক্ষেত্ৰত প্ৰতিটো দলে ককালত টগালি বান্ধিছে। পিছ পৰি থকা ভাৰতীয় জাতীয় কংগ্ৰেছও। বিলাসীপাৰাত স্থানীয় প্ৰতিমা বৰুৱা পাণ্ডে প্ৰেক্ষাগৃহত কংগ্ৰেছ কাৰ্য্যকৰ্তাৰ পৰ্যালোচনা সভা অনুষ্ঠিত হয়।
অহা ৭ মে’ত অনুষ্ঠিত হ’বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই কাৰ্য্যকৰ্তাৰ পৰ্যালোচনা অনুষ্ঠিত হয়। উক্ত কাৰ্যাকৰ্তাৰ পৰ্যালোচনা সভাৰ উপস্থিত হয় ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন(Bilasipara News)।
ৰকিবুল হুছেইনে ভাষণ প্ৰসংগত কয় যে পঞ্চায়ত নিৰ্বাচন কোনো নেতাক দলীয় টিকটৰ বাবে এ টকাও নিদিব। কোনোবাই যদি টিকটৰ বাবদ কোনো কংগ্ৰেছী নেতাই টকা লোৱা প্ৰমাণ পায়। তেন্তে নিখিল কংগ্ৰেছৰ পৰা তাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে ৰকিবুল হুছেইনে।
ইয়াৰ উপৰিও ৱাকফ ব’ৰ্ডৰ আইনত পৰিণত হোৱাক লৈ বিজেপি ৰাজনীতি কৰিছে এদিন বিজেপি চৰকাৰ ৱাকফ ব’ৰ্ডৰ কাৰণে পতন হোৱাটো নিশ্চিত। ৱাকফ ব’ৰ্ড মানে আল্লাহৰ ওৱাস্তে মুছলমানে মানুহে মাটি দান কৰা ইয়াত কোনো হিন্দু মানুহৰ কথাই নাই বুলি মন্তব্য কৰে সাংসদ গৰাকীয়ে।
উক্ত সভাত অংশ গ্ৰহন কৰে দক্ষিণ শালমাৰা বিধায়ক ওৱাজেদ আলী চৌধুৰী, গোলকগঞ্জৰ বিধায়ক আব্দুছ ছোৱাহান আলী সৰকাৰ, প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অমৃত বাদশা,জিলা কংগ্ৰেছৰ সভাপতি আবেদুৰ জামান,ব্লক সভাপতি সকল,NSUI, মহিলা কংগ্ৰেছৰ লগতে বিভিন্ন পৰ্যায়ৰ দলীয় কৰ্ম কৰ্তা সকলে।
লগতে পঢ়ক : WATCH | Waqf (Amendment) Act : ‘ৱাকফৰ সম্পত্তি আমাৰ মুছলমানৰ সম্পত্তি’