Watch | Bilasipara basanta utshav: বিলাসীপাৰাতো উলহ-মালহেৰে বসন্ত উৎসৱ উদযাপন
বিলাসীপাৰা: দেশ তথা ৰাজ্যৰ লগতে বিলাসীপাৰাতো উলহ-মালহেৰে উদযাপন বসন্ত উৎসৱ। ‘আই লাভ বিলাসীপাৰা’ৰ উদ্যোগত বিলাসীপাৰাৰ আই এন এ খেলপথাৰত দিন যোৰা কাৰ্যসূচীৰে উদযাপন বসন্ত উৎসৱ। বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে উদযাপন কৰা বসন্ত উৎসৱত ফাকুৱাৰ ৰঙেৰে ৰঙীণ হৈ পৰে।যুৱক-যুৱতী ,আৱাল বৃদ্ধই ব্যপক উছাহেৰে উদযাপিত কৰে বসন্ত উৎসৱ। বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰে অনুষ্ঠিত বসন্ত উৎসৱত স্থানীয় আৰু অতিথি শিল্পীয়ে পৰিৱেশন কৰে নৃত্য-গীত। বসন্ত উৎসৱৰ কাৰ্যসূচীয়ে সকলোকে আপ্লুত কৰি তোলা পৰিলক্ষিত হয়।