Local, Vocal, Global

গৌৰীপুৰৰ আলমগঞ্জৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি কটকটীয়া নিৰাপত্তাৰ মাজত আৰম্ভ হৈছে মেট্ৰিকৰ বিজ্ঞান পৰীক্ষা

ডিজিটেল ডেস্ক: বহু জল্পনা-কল্পনাৰ অন্তত আজি আৰম্ভ হয় মেট্ৰিকৰ বিজ্ঞানৰ পৰীক্ষা। কটকটীয়া নিৰাপত্তাৰ মাজত প্ৰশাসনে আৰম্ভ কৰে পৰীক্ষা। প্ৰতিটো পৰীক্ষা কেন্দ্ৰতে নিয়োগ কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

চোকা দৃষ্টি ৰখা হৈছে পৰীক্ষা গৃহসমূহত। কোনো যাতে অপ্ৰীতিকৰ আৰু দুষ্কাৰ্য সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে অধিক কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা। গৌৰীপুৰৰ আলমগঞ্জ গেৰামাৰী একত্ৰিত উচ্চতৰ মাধ্যমিক বিদ্যালয়তো আজি কটকটীয়া নিৰাপত্তাৰ মাজতে আৰম্ভ হয় মেট্ৰিকৰ বিজ্ঞান পৰিক্ষা।

এনেদৰে আজি মেট্ৰিকৰ বিজ্ঞানৰ পৰীক্ষা কটকটীয়া নিৰাপত্তাৰ মাজত আৰাম্ভ কৰা হয়। আলমগঞ্জ গেৰামাৰী একত্ৰিত উচ্চতৰ মাধ্যমিক বিদ্যালয়খনত শিক্ষক-শিক্ষয়িত্ৰীসকলে এজন-এজনকৈ পৰীক্ষাৰ্থীক তালাচী কৰি কেন্দ্ৰটোত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়ে।

ইপিনে গৌৰীপুৰ আৰক্ষী থানাৰ আৰক্ষী আৰু কেন্দ্ৰীয় সেনা বাহিনীৰ জোৱানসকলেও পৰীক্ষা কেন্দ্ৰটোৰ চাৰিওপিনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলে।