Local, Vocal, Global

Watch | Bihu celebrated at Balya Niketan Kakazan: পূব যোৰহাটৰ অগ্ৰনী শিক্ষানুষ্ঠান বাল্য নিকেতন কাকজানত বিহুৰ উদযাপন

টিয়ক: পূব যোৰহাটৰ অগ্ৰনী শিক্ষানুষ্ঠান বাল্য নিকেতন কাকজানত বিহুৰ আয়োজন কৰা হয়। অনুষ্ঠানটিত উদ্বোধক হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক সংস্কৃতি প্ৰেমী বীৰেন বৰা দেৱ।

এগচি বন্তি প্ৰজ্বলনেৰে তেখেতে আৰম্ভ কৰা অনুষ্ঠানটিত বাল্য নিকেতন কাকজানৰ প্ৰাক্তন উপাধ্যক্ষ অনিমা মহন্তকে প্ৰমুখ্যে কৰি বহুকেইজন জ্যেষ্ঠ ব্যক্তিৰ উপস্থিতিত জ্যেষ্ঠজনলৈ সেৱা কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰী অভিভাৱক সকলে হুচৰি গাই বিহু উদযাপন কৰে।

বিহুৰ লগত জড়িত বিভিন্ন সামগ্ৰীৰ এখন প্ৰদৰ্শনীৰ ব্যৱস্থা কৰাৰ লগতে অভিভাৱক সকলেও পিঠা-পনা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। অনুষ্ঠানটিৰ আঁত ধৰে শিক্ষক জিতুমনি বৰ্মন আৰু শিক্ষয়িত্ৰী শিখামনি কাকতীয়ে ।