Local, Vocal, Global

চিকিৎসক অবিহনে চলিছে এখন চিকিৎসালয়

পৰিবৰ্তন আৰু উন্নয়নৰ শ্লোগানৰে গাদীলৈ অহা শূন্য সহনশীল সোণোৱাল চৰকাৰখনৰ অন্তিমটো বৰ্ষ সমাগত ৷ কিন্তু বিকাশ আৰু উন্নতি হোৱা বুলি ঢাক-ঢোল বজাই থকা শাসনাধিস্থিত চৰকাৰখনৰ উন্নয়ন দেখিলে আপোনাৰো হয়তো চকু কপালত উঠিব । গেলিব ধৰা স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ দেখিলে আপুনিও হতভম্ব হৈ পৰিব ৷ কাৰণ, উদাহৰণ বিচাৰি বহু দূৰলৈ যাব নালাগে, বিহালীৰ বিহমাৰীৰ বনগাঁৱলৈ আহক, দেখিব স্বাস্থ্য বিভাগৰ পয়ালগা ছবিখন।

৭৭ নং বিহালী বিধান সভা সমষ্টিৰ বিহমাৰী পঞ্চায়তৰ অন্তৰ্গত বনগাঁৱৰ প্ৰাথমিক স্বাস্থ্য তথা চিকিৎসা কেন্দ্ৰ বিহমাৰী বনগাঁও প্ৰাথমিক চিকিৎসা কেন্দ্ৰ ৷ অসম-অৰুণাচল সীমান্তৱৰ্তী বৃহত্তৰ অঞ্চলটোৰ বহু দৰিদ্ৰ আৰু কৃষিপ্ৰধান অঞ্চলৰ প্ৰায় বিশ সহস্ৰাধিক লোকৰ একমাত্ৰ আশা আৰু ভৰষাৰ  স্থল এই বিহমাৰী বনগাঁৱৰ স্বাস্থ্যকেন্দ্ৰটো ৷ কিন্তু স্বাস্থ্য কেন্দ্ৰটোৰ বৰ্তমানৰ অৱস্থা অতি পুতৌজনক ৷ নাই এজনো চিকিৎসক ৷ এজন কম্পাউণ্ডৰ আৰু এগৰাকী নাৰ্ছেৰে চিকিৎসা চলিছে স্বাস্থ্য কেন্দ্ৰটোত ৷ কৰ্দযময়, গন্ধময় আৰু অস্বাস্থ্যকৰ গোহালি সদৃশ পৰিৱেশৰ এই স্বাস্থ্য কেন্দ্ৰটোৰ বাবে দুৰ্ভোগ ভুগিছে অঞ্চলটোৰ ৰাইজে ৷ জনামতে,বৰ্তমানৰ তেজপুৰ সমষ্টিৰ সাংসদ আৰু পূৰ্বতে বিহালী সমষ্টিত বিধায়ক হৈ থকা অৱস্থাতে পল্লৱ লোচন দাসে নিৰ্মাণ কৰা স্বাস্থ্য কেন্দ্ৰটো বৰ্তমান জৰাজীৰ্ণ মৰিশালীলৈ ৰূপান্তৰিত হোৱা দেখা গৈছে  ৷

নাই এটা সুচল পথ ৷ আপাতকালীন পৰিস্থিতিত চিকিৎসালয়খনত নাই এজন চিকিৎসক, নাই এটি ভাল পথ ৷ একমাত্ৰ চৰকাৰৰ অনীহা আৰু অমনোযোগীতাৰ বাবেই চিকিৎসা কেন্দ্ৰটোত এজন চকিদাৰ নথকাৰ ফলতে কেন্দ্ৰটোত থকা চিকিৎসা কৰ্মত জড়িত বহু মূল্যৱান সা-সৰঞ্জাম হৈছে হৰলুকি ৷ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষ কিম্বা স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তৰ ৷ এতিয়া এই অতি ভিতৰুৱা বৃহত্তৰ অঞ্চলটোত চিকিৎসাসেৱা হীন ভাৱে ৰাইজে জীৱন-যাপন কৰা পৰিলক্ষিত হৈছে ৷ সমষ্টিটোত এজন বিয়াগোম নেতা থকাৰ পাছতো বিহালীৰ এই স্বাস্থ্য কেন্দ্ৰটোৱে উদঙাইছে স্বাস্থ্য বিভাগৰ  পয়ালগা ছবিখন ৷