Local, Vocal, Global

৭৭ নং বিহালী বিধানসভা সমষ্টিত আধাৰশিলা স্থাপন

৭৭ নং বিহালী বিধানসভা সমষ্টিত স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই স্থাপন কৰিলে তিনিটাকৈ পেভাৰ ব্লকৰ ইটাৰ পথৰ আধাৰশিলা ৷ SOP-G আচঁনিৰ অধীনত ২০১৯-২০ বৰ্ষৰ বৰগাংৰ ৰামপুৰ, বৰজাৰণী পঞ্চায়তৰ অন্তৰ্গত ভৰালীজুলিৰ পৰা মোনাবাৰী গ্ৰাণ্ট,জৰাবাৰীৰ পৰা দিচিৰিৰ বিষ্ণুজ্যোতি নামঘৰলৈকে মুঠ তিনিটা পথৰ আধাৰশিলাৰ কাম সম্পূৰ্ণ কৰাৰ লগতে মোনাবাৰী চাহ-বাগিচা লাহৰী পথত অসম গড়কাপ্তানী বিভাগৰ দ্বাৰা ৰূপায়িত অসম দৰ্শন ২০১৯-২০ বৰ্ষৰ আঁচনি বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়িত কৰে ৷ আনহাতে দেশৰ এই বিপৰ্যয়ৰ সময়ত ৰাইজক বিচলিত নহৈ ক’ৰনাৰে সহবস্থান কৰি নিজ নিজ কৰ্মত অগ্ৰসৰ হবলৈ আহ্বান জনাই ৷