বিহালীৰ JCB-য়ে খন্দা গাতত পৰি মৃত্যু এজনৰ
বিহালীৰ ২ নং বৰজাৰণীত সংঘটিত হয় এক দুৰ্ঘটনাৰ ৷ বৰগাং নদীৰ ২ নং শিল বালিৰ মহলত জে চি বি, ফকলেন্দেৰে খন্দা গাতৰ ফলত হোৱা বৰগাং নদীৰ খহনীয়াত পৰাৰ ফলত মৃত্যু ঘটে এজন লোকৰ। নিহত লোকজন ভৰালীজুলি গাওঁৰ বৰচিং ইংহি ৷ বিগত কেবছৰ মান আগৰে পৰা ফৰলেন নিৰ্মাণৰ নামত দৰকাৰ হোৱা শিল বালিৰ বাবে টি কে ইনজিনিয়াৰিং নামৰ নিৰ্মাণ সন্থাটোৱে যধে মধে খণ্ডা গাতত পৰিয়েই মৃত্যু ঘটে বৰচিং ইংহিৰ ৷ বৰচিংৰ মৃত্যুক কেন্দ্ৰ কৰি বৰজাৰনী অঞ্চলত উত্তেজনা ৷