Watch | কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই কৰা আক্ৰমণ পাছতে বিজেপি চৰকাৰক দোষাৰোপ ভূপেন বৰাৰ
গুৱাহাটী: কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনক দুৰ্বৃত্তই কৰা আক্ৰমণ পাছতে গৃহ বিভাগক দোষাৰোপ APCCৰ সভাপতি ভূপেন বৰাৰ। তেখেতে কয় যে-”দিনৰ পোহৰত মোক আক্ৰমণ কৰা হৈছিল, কোনো ব্যৱস্থা লোৱা নহ’ল।আজি সাংসদ ৰকিবুল হুছেইনকো দিনৰ পোহৰত শাৰীৰিক আক্ৰমণৰ কৰা হ’ল।এয়া বিৰোধীৰ বিৰুদ্ধে গুণ্ডাৰাজৰ বাহিৰে আন একো নহয়। জনসাধাৰণে লাহে লাহে তেওঁলোকৰ বিৰোধিতা কৰাৰ বাবে শংকিত হৈ পৰিছে বিজেপি চৰকাৰ”।
ৰকিবুল হুছেইনৰ লগত ঘটা ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভূপেন বৰাই আকৌ কয় যে ‘সম্পূৰ্ণ ব্যৰ্থ হৈছে অসমৰ গৃহ মন্ত্ৰালয়। আমাক নীৰৱ কৰিবলৈ হিংসাৰ আশ্ৰয় লৈছে। তেওঁলোকৰ অক্ষমতাহে উদঙাই দিয়ে’
এনেদৰে গৃহ বিভাগক দোষাৰোপ APCCৰ সভাপতিগৰাকী আৰু ঘটনাৰ উচিত তদন্ত কৰিবলৈ আহ্বান জনায় ভূপেন বৰাই ।