Local, Vocal, Global

Women Undergo Sex-Change Surgery : ”শাৰীৰিকভাৱেও মই পুৰুষ হ’ব বিচাৰো” : সুচেতনা ভট্টাচাৰ্য

নেশ্যনেল ডেস্ক, ২২ জুন : প্ৰাক্তন মুখ্যমন্ত্ৰীৰ কন্যাই গ্ৰহণ কৰিলে এক কঠিন সিদ্ধান্ত । ছাৰ্জাৰীৰ জৰিয়তে মহিলাৰ পৰা পুৰুষ হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ কন্যা (Women Undergo Sex-Change Surgery) । সুচেতনাৰ পৰা সুচেতন হ’বলৈ ইতিমধ্যে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।ইতিমধ্যে সুচেতনা ভট্টাচাৰ্যই সকলো ধৰণৰ যাৱতীয় কাম-কাজ আৰম্ভ কৰিছে।

পশ্চিম বংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ কন্যা সুচেতনা ভট্টাচাৰ্যই পুৰুষ হ’বলৈ’ যৌন পৰিৱৰ্তন অস্ত্ৰোপচাৰৰ পথ বাছি লৈছে (Former Chief Minister daughter change her gender)। তেওঁ ঘোষণা কৰে যে এছ আৰ এছ( sex reassignment surgery) অস্ত্ৰপ্ৰচাৰ কৰাৰ বাবে সিদ্ধান্ত লৈছে । শেহতীয়াকৈ এলজিবিটিকিউ কৰ্মশালাত অংশগ্ৰহণ কৰাৰ পাছত সুচেতনাই এই কথা ঘোষণা কৰিছে । অস্ত্ৰোপচাৰৰ বাবে যোৱাৰ পূৰ্বে প্ৰয়োজনীয় আইনী পদক্ষেপ লোৱাৰ বিষয়েও সুচেটানাই নিশ্চিত কৰে।

সুচেতনাই কয় যে, তেওঁ এগৰাকী প্ৰাপ্তবয়স্ক। গতিকে ৪১ বছৰ বয়সত এই সিদ্ধান্ত তেওঁ নিজেই লৈছে । ইয়াৰ লগত তেওঁৰ পৰিয়ালক একাকাৰ নকৰিবলৈও আহ্বান জনাইছে । তেওঁ কয় যে, মই মানসিকভাৱে এগৰাকী পুৰুষ । গতিকে শাৰীৰিকভাৱেও মই পুৰুষ হ’ব বিচাৰো। মই সকলোৰে বিৰুদ্ধে যুঁজিম। মোৰ এইখিনি সাহস আছে যে, মই কোনোৱে প্ৰশ্ন কৰিলে উচিত প্ৰত্যুত্তৰ দিব পাৰিম।

উল্লেখ্য যে, সুচেনতা এগৰাকী সামাজিক কৰ্মী, পৰিৱেশ কৰ্মী ৰূপে জনা যায়। ট্ৰানজেণ্ডাৰ কমিউনিটিৰ বাবেও তেওঁ যথেষ্ঠ কাম কৰি আহিছে। তেওঁৰ ইতিমধ্যে লিংগ পৰিৱৰ্তন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে তেওঁ মনোচিকিৎসকৰ পৰামৰ্শ ল’ব লাগিব।

উল্লেখ্য যে, লিংগ পৰিৱৰ্তন কৰাৰ বাবে মনোচিকিৎসকৰ প্ৰমাণপত্ৰ যথেষ্ঠ গুৰুত্বপূৰ্ণ। মনোচিকিৎসকে প্ৰমাণ পত্ৰ অনুসৰিহে লিংগ পৰিৱৰ্তন কৰা হয়। কিয়নো এগৰাকী পুৰুষ অথবা মহিলা লিংগ পৰিৱৰ্তন কৰাৰ আগতে তেওঁ মানসিকভাৱে কিমান সুস্থ সেয়া পৰীক্ষা কৰাতো অতি জৰুৰী।

লগতে পঢ়ক : Man Elephant conflict : কামপুৰত বন্যহস্তীৰ তাণ্ডৱ