Local, Vocal, Global

Benefits of Garlic with Honey : মৌৰ লগত নহৰু খোৱাৰ উপকাৰিতাৰ বিষয়ে জানেনে আপুনি ?

মৌ আৰু নহৰু আমাৰ স্বাস্থ্যৰ বাবে বহু উপকাৰী । আমাৰ সকলোৰে পাকঘৰত নহৰু আৰু মৌ থাকে । আপুনি নিশ্চয় শুনিছে যে পুৱা নহৰু খোৱাৰ বহু উপকাৰিতা আছে ইয়াৰ সমান্তৰালকৈ মৌ আমাৰ শৰীৰৰ বাবে বহু উপকাৰী ৷ আপুনি বাৰু জানেনে নহৰু মৌত ডুবাই খালে ইয়াৰ উপকাৰ দুগুণ হয় ৷ মৌৰ সৈতে নহৰু খোৱাৰ বহু উপকাৰিতা আছে(Benefits of Garlic with Honey) ।

উল্লেখ্য যে, নহৰুত ভিটামিন এ, ভিটামিন বি, ভিটামিন চি, প্ৰ’টিন, ফাইবাৰ, কেলচিয়াম, আইৰণ, ফেট আৰু এন্টিঅক্সিডেন্টকে ধৰি বহুতো পুষ্টিকৰ উপাদান পোৱা যায় ৷ একে সময়তে মৌত এন্টি-বেক্টেৰিয়েল, এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণো আছে (Garlic with Honey Benefits)৷

নহৰুৰ লগত মৌ মিহলি কৰি খালে ইয়াৰ উপকাৰিতা বহুগুণে বৃদ্ধি পায় ৷

জানো আহক নহৰু আৰু মৌ একেলগে খালে কি কি উপকাৰ সাধন হয়…

ডিঙি বিষ

শীতকালত ডিঙিৰ সমস্যা হোৱাটো সাধাৰণ কথা ৷ ডিঙিৰ বিষ নিৰাময়ৰ স্বাভাৱিক উপায় হ’ব পাৰে মৌ আৰু নহৰু ৷ মৌৰ লগত নহৰু খালে ডিঙিৰ সংক্ৰমণৰ পৰা হাত সাৰিব পাৰি ৷

ওজন হ্ৰাস পায়

মেদবহুলতাত আক্ৰান্ত লোকসকলে নিশ্চিতভাৱে নহৰু আৰু মৌ সেৱন কৰিব লাগে ৷ ইয়াৰ সেৱনে বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে যিয়ে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ খালী পেটত মৌ আৰু নহৰু সেৱন কৰিলে ওজন দ্ৰুতগতিত হ্ৰাস পাব পাৰে ৷

ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বাবে

মৌ আৰু নহৰুত প্ৰচুৰ পৰিমাণে এন্টি-বেক্টেৰিয়েল আৰু এন্টি-অক্সিডেন্ট থাকে যিয়ে শৰীৰক চৰ্দি আৰু কাহৰ দৰে ঋতুভিত্তিক ৰোগৰ পৰা ৰক্ষা কৰাত সহায় কৰে ৷

নহৰু আৰু মৌ কেনেকৈ ব্যৱহাৰ কৰিব

আপুনি গ্লাছৰ বটলত মৌ ভৰাই দিয়ে ৷বাকলি গুচাই নহৰুৰ কলিবোৰ ওলাই এই বটলত ভৰাই ১ সপ্তাহ মৌত তিয়াই থৈ দিয়ক ৷প্ৰতিদিনে পুৱা মৌৰ লগত এই নহৰু চোবাই খাব ৷

হৃদযন্ত্ৰৰ স্বাস্থ্য

মৌৰ লগত নহৰু খোৱাটোৱে হৃদযন্ত্ৰৰ স্বাস্থ্য সুস্থ কৰি ৰখাত অতি ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে ৷ ইয়াত এনে বহু গুণ পোৱা যায় যিয়ে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে আৰু হৃদযন্ত্ৰক শক্তিশালী কৰে

হজম শক্তি

মৌৰ লগত নহৰু পেটৰ বাবে অতি উত্তম বুলি গণ্য কৰা হয় ৷ ইয়াৰ ফলত পেটৰ সকলো মলি আঁতৰাই পেটৰ লগত জড়িত ৰোগ নিৰাময় হয় ৷ পাচনতন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ মৌ আৰু নহৰু নিয়মিতভাৱে সেৱন কৰিব লাগে ৷