Watch | Be careful when eating food at hotels or restaurants: হোটেল বা ৰেষ্টুৱেণ্টত খাদ্য খাওতে সাৱধান !
শিলচৰ: আপুনিও বিলাসী হোটেল বা ৰেষ্টুৱেণ্টত খাদ্য খাই ভাল পাই নেকি?হোটেল বা ৰেষ্টুৱেণ্টত খাদ্য খাওতে সাৱধান! এইবাৰ হোটেলত খাদ্য খাবলৈ গৈ কি ওলাল চাওক? শিলচৰৰ ৰংপুৰ বিলাসী হেটেল DEY’S হোটেলৰ খাদ্যত পোক ।
শিলচৰৰ ৰংপুৰ অঞ্চলৰ DEY’S নামৰ প্ৰসিদ্ধ হোটেলত এখন খাদ্যৰ প্লেটত তেলাপোকা পোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, এজন গ্ৰাহকে অর্ডাৰ কৰা খাদ্য পৰিবেশন কৰাৰ পিছত প্লেটখনত তেলাপোকা দেখা পায়। ই বিষয়টো হোটেল কৰ্তৃপক্ষক জনোৱা হয় যদিও, হোটেল কৰ্তৃপক্ষৰ পৰা সন্তোষজনক প্ৰতিক্ৰিয়া পোৱা নগ’ল বুলি অভিযোগ।
এই ঘটনাই হোটেলখনৰ খাদ্য গুণমান আৰু পৰিস্কাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰিছে। লগতে, উপস্থিত অন্য গ্ৰাহকসকলৰ মাজতো অসন্তোষৰ সৃষ্টি হয় আৰু অলপ সময়ৰ বাবে উত্তেজনাপূৰ্ণ পৰিস্থিতিও সৃষ্টি হয়।
স্থানীয় ৰাইজে এই ঘটনাক জনস্বাস্থ্যৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ধমকি হিচাপে চিহ্নিত কৰি, প্ৰশাসনিক হস্তক্ষেপৰ দাবী জনায়। ইতিমধ্যে স্বাস্থ্য বিভাগত আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰা হয়, জিলা স্বাস্থ্য বিভাগে হোটেলখনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে।
লগতে পঢ়ক: Watch | Hajo boat compittition: তীৰ্থ নগৰী হাজোত অনুষ্ঠিত হৈছে পৰম্পৰাগত নাঁও খেল প্ৰতিযোগিতা