২০১৬ৰ এক লোমহৰ্ষক হত্যাকাণ্ড,৪ বছৰৰ মূৰত অপৰাধী গ্ৰেপ্তাৰ

সোপাধৰাৰ সন্দেহত নৃসংশ ভাৱে মৰিয়াই মৰিয়াই হত্যা কৰা হত্যাকাৰী আৰক্ষীৰ জালত ৷ ২০১৬চনত বাক্সা জিলাৰ বাগানপাৰাত এজন ভীক্ষাৰিক সোপাধৰা সজাই গছত বান্ধি ,শৰীৰত গৰমপানী ধালি নৃশংস ভাৱে হত্যা কিৰিছিল একাংশ লোকে ৷ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি সেইসময়তে জেললৈ পঠাইছিল তিনিজন অপৰাধীক ৷ বাকী অভিযুক্ত সকল বিগত চাৰি বছৰে পলাতক অৱস্থাত আছিল৷ মংগলবাৰে পলাতক সেই অভিযুক্ত কেইজন বাগানপাৰাৰ নিজ গৃহত থকা বুলি জানিব পাৰি বৰবৰী আৰক্ষীয়ে অভিযান চলায় আৰু ৪ জনক গ্ৰেপ্তাৰ কৰে।নতুনকৈ আৰক্ষীৰ জালত পৰা সেই চাৰি অভিযুক্ত হৈছে ক্ৰমে পৰেশ ব্ৰহ্ম ,পিলাটুশ তিৰ্কী ,ৰাজেশ ব্ৰহ্ম আৰু মাৰাক ব্ৰহ্ম ৷
বাক্সা জিলাত অন্ধবিশ্বাসৰ বলি হৈ বিগত সময়ত কেবাগৰাকী নিৰপৰাধী লোক অকাল মৃত্যুক সাবতি লব লগা হৈছিল ৷ বৰ্তমান ৰাইজ সজাগ হৈছে ৷ ৰাইজৰ মাজত বৃদ্ধি পোৱা সজাগতাৰ বাবেই সোপাধৰাৰ সন্দেহত মৃত্যুৰ ঘটনা কমিছে বুলি মন্তব্য কৰে বৰবৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে ৷