Local, Vocal, Global

Watch | Barpeta news: মানসিকভাৱে বিকাৰগ্ৰস্ত কিশোৰক আক্ৰমণ কম্পিউটাৰ শিক্ষকৰ

বৰপেটা: বৰপেটা জিলাৰ মাজদিয়া আৰক্ষী চকীৰ অন্তৰ্গত কুকাৰপাৰত সংঘটিত হৈছে এক অমানৱীয় কাণ্ড। কম্পিউটাৰ শিক্ষকৰ আক্ৰমণত গুৰুতৰ ভাবে আহত হৈছে এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত কিশোৰ।
কুকাৰপাৰ গাঁৱৰ কৰিম খানৰ ১৬ বছৰীয়া মানসিকভাৱে বিকাৰগ্ৰস্ত সন্তান আমিৰ খানক সোমবাৰে সন্ধিয়া আক্ৰমণ কৰি গুৰুতৰভাৱে জখম কৰাৰ অভিযোগ উত্থাপন হৈছে কম্পিউটাৰ শিক্ষক জাকিৰ হুছেইনৰ বিৰুদ্ধে।
অভিযুক্ত জাকিৰ হুছেইনৰ ঘৰ বৰপেটাৰ কুকাৰপাৰত।

এগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত কিশোৰক আক্ৰমণ কৰাৰ ঘটনাক সচেতন মহলে গৰিহণা দিয়াৰ লগতে জাকিৰ হুছেইনক ধিক্কাৰ জনাইছে। ঘটনা সংক্ৰান্তত মংগলবাৰে মাজদিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীৰ পিতৃয়ে। কম্পিউটাৰ শিক্ষক জাকিৰ হুছেইন সুদৰ ব্যৱসায়ৰ লগতো জড়িত বুলি অভিযোগ উত্থাপন হৈছে। অভিযুক্ত কম্পিউটাৰ শিক্ষক জাকিৰ হুছেইনক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি ভুক্তভোগী কিশোৰজনক ন্যায় প্ৰদান কৰিবলৈ আৰক্ষীক আহ্বান জনাইছে সচেতন নাগৰিকে।

লগতে পঢ়ক: Watch | Merapani news: উচ্ছেদৰ পূৰ্বেই নেঘেৰিবিলত নগাৰ আগ্ৰাসন